ডিব্ৰুগড়, 12 অক্টোবৰ: মঙলবাৰে ডিব্ৰুগড়ৰ টিংখাঙত সংঘটিত হৈছিল এক ৰহস্যজনক হত্যাকাণ্ড (Murder case in Dibrugarh) ৷ টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত কাকৱনী ব্লক গাঁৱত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড । গাঁওখনৰ নিতুল শইকীয়াৰ পত্নী নীৰদা শইকীয়া (৪০) নামৰ এগৰাকী মহিলাক নিজা বাসগৃহত নিৰ্মমভাৱে হত্যা কৰিছিল কোনো অচিনাক্ত দুৰ্বৃত্তই (Sensational murder case at Tingkhong) ৷
ইতিমধ্যে টিংখাঙৰ ৰাজগড় আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত এজন ব্যক্তিক আটক কৰি টিংখাং আৰক্ষী থানাত চমজাই দিয়ে । ধৃত ব্যক্তিজনক সোধা-পোছা অব্যাহত ৰাখিছে টিংখাং আৰক্ষীয়ে । এই ঘটনাক কেন্দ্ৰ কৰিয়েই বুধবাৰে টিংখাং আৰক্ষী থানা ঘেৰাও কৰে স্থানীয় শতাধিক লোকে (Warm Situation at Tingkhong police station) ৷
এই নৃশংস হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰি লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত টিংখাং আৰক্ষী থানা ঘেৰাও কৰে স্থানীয় শতাধিক পুৰুষ-মহিলাই (Locals protest against Murder case at Tingkhong) ৷ উল্লেখ্য যে, মঙলবাৰে প্ৰতিবেশীয়ে বহু সময় ধৰি নীৰদা শইকীয়াক দেখা নাপাই বিচাৰ-খোচৰ আৰম্ভ কৰে ৷ তাৰ পিছতে ঘৰৰ ভিতৰতে প্ৰতিবেশীয়ে নীৰদা শইকীয়াৰ মৃতদেহটো তেজেৰে লুতুৰি-পুতুৰি থকা অৱস্থাত উদ্ধাৰ কৰে ৷