অসম

assam

ETV Bharat / city

মৰাণত মহিলাক নাহৰফুটুকীৰ আক্ৰমণ - নাহৰফুটুকীৰ আক্ৰমণ

খৰি বুটলি থাকোতেই নাহৰফুটুকীৰ আক্ৰমণ ৷ কপাল, ভৰিৰ কলাফুলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত কল্পনা ফুকন ৷

মৰাণত নাহৰফুটুকীৰ আক্ৰমণ মহিলাক
মৰাণত নাহৰফুটুকীৰ আক্ৰমণ মহিলাক

By

Published : Feb 11, 2020, 4:59 AM IST

মৰাণ, 11 ফেব্ৰুৱাৰীঃখোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মাউতনী গাঁৱৰ হৰেন ফুকনৰ পত্নী কল্পনা ফুকন (৫০) ক আক্ৰমণ নাহৰফুটুকীৰ ৷ খৰি বুটলি থকা সময়তেই এটা নাহৰফুটুকীয়ে আক্ৰমণ চলায় মহিলাগৰাকীক ৷

ঘৰৰ ওচৰৰে দুহটীয়া দলঙৰ সমীপত হৰেন ফুকন আৰু তেওঁৰ পত্নী কল্পনা ফুকনে আন দিনাৰ দৰে শনিবাৰে দিনৰ প্ৰায় 10 বজাত খৰি বুটলিবলৈ গৈছিল । খৰি বুটলি থাকোতেই নাহৰফুটুকীটোৱে কল্পনা ফুকনক আক্ৰমণ চলায় নাহৰফুটুকীয়ে ৷ আক্ৰমণত কপালত আৰু ভৰিৰ কলাফুলত আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী ৷ মহিলাগৰাকীক প্ৰথমে তিলৈ হাস্পতাললৈ নিয়া হয় যদিও পিচত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

নাহৰফুটুকীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত কল্পনা ফুকন

উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰাই উক্ত অঞ্চলত নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰা খবৰ স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰি আহিছে যদিও বন বিভাগে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে অৱশেষত এনে ঘটনা সংঘটিত হ’ব পাইছে বুলি উল্লেখ কৰে ৷ এতিয়া স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰে নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰাৰ লগতে দৰিদ্ৰ মহিলাগৰাকীক সাহায্য প্ৰদান কৰক চৰকাৰে ৷

ABOUT THE AUTHOR

...view details