ডিব্ৰুগড়, 21জুনঃডিব্ৰুগড়ৰ লেজাইৰ চেঁচা নদীৰ বুকুৰ পৰা উদ্ধাৰ হয় সৌৰভ দাস নামৰ যুৱক জনৰ মৃতদেহ ৷ প্ৰেমৰ পৰিণতিত যুৱকজনক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ ৷ ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ অঞ্চলটোত সেনা বাহিনী মোতায়েন কৰিছে প্ৰশাসনে ৷
উল্লেখ্য যে, ডিব্ৰুগড়ৰ লেজাইত প্ৰেমিকাৰ ঘৰলৈ ফুৰিবলৈ যোৱা অৱস্থাত শুক্ৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল সৌৰভ দাস নামৰ যুৱকজন ৷ পৰিয়াল আৰু স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰৰ বাবে বৰবৰুৱা আৰক্ষীক অৱগত কৰিছিল ৷ ইফালে যুৱকজনৰ পৰিয়াল আৰু স্থানীয় ৰাইজে প্ৰেমিকাৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ তুলি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ ইফালে ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পূৱাৰ পৰাই লেজাইত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ 24 ঘন্টাত যুৱকজনক উদ্ধাৰ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৰাইজক ৷ আনহাতে আজি যুৱকজনৰ মৃতদেহ চেঁচা নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে পৰিস্থিতি আৰু জটিল হৈ পৰাত লেজাইত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হোৱাৰ লগতে সেনা বাহিনী মোতায়েন কৰিব লগা হয় ৷ ইতিমধ্যে প্ৰেমিকাৰ পৰিয়ালৰ চাৰিজন লোকক আটকো কৰিছে আৰক্ষীয়ে ৷