মৰাণ, 4 এপ্ৰিল : ৰাইজৰ ভূমি সংক্ৰান্তীয় সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা 'মিছন বসুন্ধৰা' সফল ৰূপায়ণৰ বাবে তৎপৰ হৈছে ৰাজহ মন্ত্ৰী যোগেন মহন (Mission Bashundhara by Assam Government)। মন্ত্ৰীগৰাকীয়ে শনিবাৰে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাহমৰা ৰাজহচক্ৰৰ সহযোগত নতুনকৈ ৰাজহ গাঁও হিচাপে অন্তৰ্ভুক্ত হোৱা দিৰৈ দেওঘৰীয়া গাঁৱত ৮০০ বিঘা ভূমি সামৰি থকা 214 টা পৰিয়ালক ভূমিপট্টা প্ৰদান কৰে(Land patta distribute by Minister Jogen Mohan) ৷
চৰাইদেউ জিলা উপায়ুক্তৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থকা অনুষ্ঠানটোত ভূমিপট্টা প্ৰদান কৰি মন্ত্ৰীজনে পৰ্যায়ক্ৰমে ৰাজ্যৰ সকলো খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদানৰ কথা জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, মাহমৰা ৰাজহ চক্ৰই ৰাজ্যৰ ভিতৰতে প্ৰথমতে ভূমি সংক্ৰান্তীয় কাম শেষ কৰিবলৈ সক্ষম হয় ৷ মন্ত্ৰীগৰাকীয়ে মাহমৰাৰ চক্ৰ বিষয়াক এই ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে ধন্যবাদ জনায় ৷