মৰাণ, 20 নৱেম্বৰ : উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ(Srimanta Sankardev Sangha)ৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনখনি এইবাৰ ডিব্ৰুগড় নাহৰকটীয়াৰ ৰাঙলীপথাৰত অনুষ্ঠিত হ'ব । নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ(Naharkatia MLA Taranga Gogoi)য়ে শনিবাৰে অধিৱেশনৰ লাইখুঁটা স্থাপনস্থলীত উপস্থিত হৈ প্ৰস্তুতি বুজ লৈ উদ্যোক্তাসকলৰ সৈতে মত বিনিময় কৰে ।
ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত ৪ ফেব্ৰুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব বাৰ্ষিক অধিৱেশনখন । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ আতিথ্যত আৰু বৃহত্তৰ নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব লগা এই অধিৱেশনখনলৈ এতিয়া ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে সংঘৰ ভকত বৈষ্ণৱৰ মাজত । সংঘৰ প্ৰদাধিকাৰ কমলাকান্ত গগৈয়ে ২১ নৱেম্বৰত অধিৱেশনখনৰ মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰিব ।