মৰাণ, 11 আগষ্ট :দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে দুৰ্নীতি নিৰ্মূল কৰাৰ স্বাৰ্থত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীক এক নিৰ্দেশনা প্ৰদান কৰিছিল ৷ এই নিৰ্দেশনাৰ পাচতেই আৰু অধিক সক্ৰিয় হৈ পৰিছে অসম আৰক্ষীয়ে ৷ এনে সময়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে প্ৰৱঞ্চনাকাৰী দালাল চক্ৰৰ মাষ্টৰ মাইণ্ড ৰূপে খ্যাত অভিযুক্ত দেৱজিৎ শৰ্মা নামৰ এজনক ৷
অভিযোগ অনুসৰি, ৰাজ্যৰ বিভিন্ন ঠাইত বেংকৰ ঋণ, চাকৰি দিয়াৰ নামত ধন লৈ দীৰ্ঘ দিনৰ পৰাই প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ অভিযোগ উত্থাপন হৈছে দেৱজিৎ শৰ্মাৰ বিৰুদ্ধে ৷ চৰকাৰী আঁচনিৰ যিকোনো ঋণ, ঘৰ-গাড়ী, গহণা ক্ৰয়ৰ বাবে সহজে ঋণ প্ৰদান, খাদী আৰু গ্ৰামোদ্যোগ বিভাগ, নাৱাৰ্ড, ব্লক, পঞ্চায়ত আদি সকলো ঋণ মোকলাই দিয়াৰ অবাধ ক্ষমতাৰ গৰাকী বুলি নিজকে পৰিচয় দি আহিছিল দালাল দেৱজিৎ শৰ্মাই ৷
দেৱজিতৰ মিঠা মিঠা কথাত ভোল গৈছিল সহজ-সৰল গঞা ৰাইজ ৷
লক ডাউনৰ সময়ছোৱাত বিধ্বস্ত হৈ পৰা গ্ৰাম্য অৰ্থনীতিৰ সময়তো গাঁৱে- ভূঞে এইগৰাকী অভিযুক্তই বিভিন্ন পন্থা অৱলম্বন কৰি প্ৰৱঞ্চনাৰে সৰকাইছিল ধন । ডিব্ৰুগড়, লাহোৱাল, মাহমৰা, চেপন, মৰাণ আদি বিভিন্ন অঞ্চলৰ পৰা সহজ সৰল খাটি খোৱা গঞাক ঠগ প্ৰৱঞ্চনাৰে লাখ লাখ টকা উৎকোচ লোৱা অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷