মৰাণ, 16 ডিচেম্বৰ : ক্ৰমাৎ অধিক বেয়ালৈ গতি কৰিছে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ পৰিস্থিতি । তিৰুৰ ঘটনাকলৈ জ্বলিছে নগালেণ্ড । পুনৰ এদিনৰ কাৰণে বন্ধ ঘোষণা নাগালেণ্ডৰ মন জিলাত ৷ জানিব পৰা মতে, 16 ডিচেম্বৰ অৰ্থাৎ আজি কন্যাক স্টুডেণ্ট ইউনিয়নে বন্ধ ঘোষণা কৰিছে মন জিলাত (Konyak Student Union announced bandh in Mon district) ৷ বৃহস্পতিবাৰে পুৱা 6 বজাৰ পৰা বিয়লি 4 বজালৈ বন্ধ থাকিব মন জিলা(Bandh announced in Mon district) ৷
নগালেণ্ডৰ ম'ন জিলাত ১৬ ডিচেম্বৰত বন্ধ ঘোষণা অৱশ্যে জৰুৰীকালীন সেৱাসমূহক এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে বুলি সংগঠনটোৱে কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ সহকাৰী সম্পাদক টাও আঙৰ স্বাক্ষৰিত এক প্ৰেছ বাৰ্তা যোগে সংগঠনটোৱে জানিব দিয়ে ৷
উল্লেখ্য যে, 4 ডিচেম্বৰৰ মাজনিশা নাগালেণ্ডৰ মন জিলাৰ তিৰু আৰু অ’টিং বস্তিৰ সীমাত সংঘটিত হয় এক উত্তাপ্ত পৰিস্থিতি(Tension grips Nagaland) ৷ নিৰাপত্তাৰক্ষীৰ গুলীচালনা(Security forces firing in Nagalnad)ত নিহত হয় 13 জনকৈ নগা যুৱক(13 civilians killed in Nagaland) ৷
ফলত ঘটনাৰ প্ৰতিবাদস্বৰূপে গাঁওবাসীয়ে উত্তেজিত হৈ নিৰাপত্তাৰক্ষীৰ কেইবাখনো বাহন জ্বলাই দিয়ে ৷ উত্তেজিত নগা জনসাধাৰণে অগ্নি সংযোগ কৰাৰ ফলত এজন নিৰাপত্তাৰক্ষী নিহত হয় ৷ আনহাতে, আহত হয় কেইবাজনো নিৰাপত্তাৰক্ষী ৷ এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও অব্যাহত আছে তীব্ৰ উত্তেজনা ৷ ইয়াৰোপৰি এই ঘটনাৰ পাছতেই নাগালেণ্ডৰ মন জিলাত সেনা আৰু সাধাৰণ জনতাৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটে ।
লগতে পঢ়ক :Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক