মৰাণ, 14 মাৰ্চ : আজি পৱিত্ৰ খ্ৰীং খ্ৰীং বাইথ’ পূজা (Khring Khring Baithow) ৷ চাৰিমুঠি জীৱৰ কল্যাণৰ কামনাৰে অতীজৰে পৰা অনুষ্ঠিত কৰি অহা অসমৰ ভুমিপুত্ৰ সোণোৱাল কছাৰী লোকসকলৰ এই খ্ৰীং খ্ৰীং বাইথ’ পূজা মূলতঃ এক কৃষিকেন্দ্ৰিক এক ধৰ্মীয় পূজা ( khring khring Baithow Puja of Sonowal Kachari) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ বৃহত্তৰ জকাই হাৰকপথাৰৰ মূল বাইথ' মন্দিৰ প্ৰাংগণত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে খ্ৰীং খ্ৰীং বাইথ' পূজা উদযাপন কৰা হয় (khring khring Baithow Puja celebration in Dibrugarh) ।
উল্লেখ্য যে, সোণোৱাল কছাৰীসকলৰ সংস্কৃতি বৰ্ণময় ৷ বাইথ’ পূজা সোণোৱাল কছাৰীসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ, য’ত নিহিত হৈ আছে আধ্যাত্মিক ভাৱ-ভক্তি, লোকবিশ্বাস, লোক-পৰম্পৰা । এই পূজা উপলক্ষে চ’ত মাহৰ দ্বিতীয় সপ্তাহৰ দেওবাৰে ৰাতি দেও নমোৱা হয় ৷