অসম

assam

ETV Bharat / city

ডিব্ৰুগড়ত জুবিনৰ অনুষ্ঠানসহ কেন্দ্ৰীয় ৰঙালী বিহু বাতিল - কাৰ্যসূচী বাতিল

ডিব্ৰুগড়ত নৱ প্ৰজন্মৰ হার্টথ্রুব জুবিন গাৰ্গৰ সংগীতানুষ্ঠান সহ কেন্দ্ৰীয় ৰঙালী উৎসৱ বাতিল । ডিব্ৰুগড়ত ব্যাপক হাৰত ক'ভিড-১৯ পজিটিভৰ সংখ্যা বৃদ্ধি। প্ৰথম দিনাৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাচত ঐতিহ্য থকা কেন্দ্রীয় ৰঙালী উৎসৱৰ শেষৰ দুদিনৰ কাৰ্যসূচী বাতিল।

ডিব্ৰুগড়ত জুবিনৰ অনুষ্ঠান সহ কেন্দ্ৰীয় ৰঙালী বিহু বাতিল
ডিব্ৰুগড়ত জুবিনৰ অনুষ্ঠান সহ কেন্দ্ৰীয় ৰঙালী বিহু বাতিল

By

Published : Apr 21, 2021, 2:22 PM IST

ডিব্ৰুগড়,21 এপ্ৰিল :শেহতীয়াকৈ ক’ভিড পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰত সদৌ ডিব্ৰুগড় ছাত্র সন্হাৰ উদ্যোগত আৰু ডিব্ৰুগড় বাসীৰ সহযোগত আয়োজিত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ ২১ আৰু ২২ এপ্ৰিলৰ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি উদ্যোক্তা সকলে বিহু মঞ্চৰ পৰাই এক সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰে।

বিগত বৰ্ষত ক’ভিড অতিমাৰীৰ বাবে কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱটি চৌকিডিংগী খেলপথাৰত অনুষ্ঠিত কৰিব নোৱৰাৰ পিছত এইবাৰ অধিক উৎসাহেৰে উদ্‌যাপনৰ যো-জা চলাইছিল। ইতিমধ্যে সকলো প্রস্তুতি সম্পূর্ণ হৈ উঠাৰ লগতে প্ৰথম দিনৰ কাৰ্যসূচী সফলভাৱে সমাপ্ত হৈছিল। কিন্তু ৰাজ্যত শেহতীয়াকৈ পৰিস্থিতিৰ অৱনতি ঘটাৰ প্ৰতি লক্ষ্য ৰাখি আৰু জনস্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি আৰু ৰাজ্য চৰকাৰৰ শেহতীয়া SOP নিৰ্দেশনা প্ৰকাশ পোৱাত উদযাপন সমিতিয়ে বাকী দুদিনৰ সকলো প্ৰতিযোগিতা আৰু সকলো সাংস্কৃতিক অনুষ্ঠান সম্পূৰ্ণৰূপে বাতিল কৰিছে। ডিব্ৰুগড়ৰ চৌকিডিংগী কেন্দ্ৰীয় ৰঙালী উৎসৱ সমগ্ৰ অসমৰ সংস্কৃতি প্ৰেমীৰ বাবে আৰ্কষণীয় লগতে বৰবিহুৱতী আৰু হুঁচৰি প্ৰতিযোগিতাৰ বাবে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ দলসমূহে অংশগ্ৰহণ কৰে ।

ডিব্ৰুগড়ত জুবিনৰ অনুষ্ঠান সহ কেন্দ্ৰীয় ৰঙালী বিহু বাতিল

আনহাতে শেষৰ দিনা নৱপ্ৰজন্মৰ হার্টথ্রৱ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল । ক'ভিডৰ প্ৰতি তথা জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আবেগিক সিদ্ধান্ত ল'ব লগা হোৱা বুলি মন্তব্য কৰে উদযাপন সমিতিয়ে ৷
বিহুখন আয়োজনৰ ক্ষেত্ৰত যিসকল ব্যক্তি, অনুষ্ঠান প্রতিষ্ঠানে সহযোগিতা আগবঢ়ালে তেওঁলোকলৈ উদ্‌যাপন সমিতি আৰু সদৌ ডিব্ৰুগড় ছাত্র সস্থাৰ তৰফৰ পৰা ধন্যবাদ-কৃতজ্ঞতা জ্ঞাপন কৰিছে । আনহাতে, কেন্দ্ৰীয় ৰঙালী উৎসৱটিৰ বাবে শুভাকাংক্ষীসকলে আগবঢ়োৱা বৰঙণিৰ পৰিমাণ হৈছিল ১০,৩৬,৫০০ টকা ৷ ইতিমধ্যে প্রস্তুতিৰ বাবে ৮,০৪,৫০০ টকা ব্যয় হৈছে আৰু বর্তমান হাতত থকা ২.৩২ লাখ টকা অহা বৰ্ষৰ কেন্দ্ৰীয় ৰঙালী উৎসৱত ব্যয় কৰা হ'ব বুলি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ আৰু সাধাৰণ সম্পাদক গুঞ্জন মেছে জানিবলৈ দিয়ে ।

ডিব্ৰুগড়ত জুবিনৰ অনুষ্ঠান সহ কেন্দ্ৰীয় ৰঙালী বিহু বাতিল

সংবাদ মেলত উদযাপন সমিতিৰ সভাপতি ড° শশীকান্ত শইকীয়া কাৰ্যকৰী সভাপতি মনজিৎ বৰা আৰু সম্পাদক খগেন দত্ত উপস্থিত থাকে । আনহাতে প্ৰথম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকি অসমীয়া বোলছবি জগতৰ মোহময়ী জনপ্ৰিয় অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে আবেগিকভাৱে সকলোলৈকে হাতযোৰ কৰি ক’ভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:ব্যস্ততাক একাষে থৈ গৃহস্থৰ চোতালত হুঁচৰি জুৰিলে ডিব্ৰুগড়ৰ সাংবাদিকসকলে

ABOUT THE AUTHOR

...view details