অসম

assam

ETV Bharat / city

অৱশেষত সুস্থ হৈ ঘৰলৈ উভতিল জ্যোৎস্না - সোণাৰিত কাঠফুলা খাই মৃত্যু

অৱশেষত মৃত্যুৰ দুৱাৰদলিৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল জ্যোস্না ৷ বিগত কিছুদিন আগতে সোণাৰিত কাঠফুলা খাই কেইবাজনো লোকৰ মৃত্যু হৈছিল ৷ তাৰ মাজতে জ্যোস্না নামৰ এগৰাকী মহিলা সুস্থ হৈ ঘৰলৈ উভতিল ৷

jyotsha-gorh-helath-is-good-now-who-ate-poisonous-mushroom
অৱশেষত সুস্থ হৈ ঘৰলৈ উভতিল জ্যোৎস্না

By

Published : Apr 15, 2022, 9:29 PM IST

মৰাণ, 15 এপ্ৰিল : অৱশেষত মৃত্যুৰ দুৱাৰদলিৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল জ্যোস্না ৷ বিগত কিছুদিন আগতে বনৰীয়া কাঠফুলা খাই সোণাৰিৰ 2 নং লালটি পথাৰ অঞ্চলৰ আঠজনকৈ লোক অসুস্থ হৈছিল ৷ হাবিৰ পৰা বুটলি অনা বিষাক্ত বনৰীয়া কাঠফুলা খাই অসুস্থ হৈ পৰা লোককেইজনক নিশাই ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

অৱশেষত সুস্থ হৈ ঘৰলৈ উভতিল জ্যোৎস্না

পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় সাতজনে (Seven died after eating poisonous mushroom) । আনহাতে এই আঠগৰাকীৰ ভিতৰত জ্যোৎস্না গড় নামৰ মহিলা গৰাকী বৃহস্পতিবাৰে সুস্থ হৈ ঘৰলৈ উভতি আহে ।

পিছে মনকৰিবলগীয়া কথা যে, বৰ্তমানলৈ স্বাস্থ্য বিভাগৰ এই ঘটনা সন্দৰ্ভত কোনো ধৰণৰ সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হোৱা নাই ৷ ইফালে একেটা পৰিয়ালৰ কেইবাজনো সদস্যৰ একেলগে মৃত্যু হোৱা ঘটনাই অঞ্চলটোত সম্প্ৰতি শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক :সোণাৰিত বিষাক্ত কাঠফুলা খাই চাৰিজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details