অসম

assam

ETV Bharat / city

বোকাপথাৰত মহাসতী জয়মতীৰ স্মৃতি দিৱস উদযাপন - মৰাণ

সাপেখাতীৰ বোকাপথাৰত টাই আহোম যুৱ পৰিষদৰ উদ্যোগত দুদিনীয়াকৈ মহাসতী জয়মতী স্মৃতি দিৱস উদযাপন কৰা হয় ৷

Joymati smriti Divas celebrated at Sapekhati,Moran
বোকাপথাৰত মহাসতী জয়মতীৰ স্মৃতি দিৱস উদযাপন

By

Published : Apr 5, 2021, 5:53 PM IST

মৰাণ, 5এপ্ৰিল:মহাসতী জয়মতী কোঁৱৰীৰ স্মৃতি সজীৱ কৰাৰ উদ্দেশ্যে টাই আহোম যুৱ পৰিষদ চমুকৈ(টাইপা) ৰ সাপেখাতী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলাৰ বোকাপথাৰত ৰাইজৰ সহযোগত শনিবাৰৰ পৰা দুদিনীয়াকৈ জয়মতী কোঁৱৰিৰ স্মৃতি দিৱস উদযাপন কৰা হয় । এই স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানৰ প্ৰথম দিনটোত উদ্যোক্তা সকলে চৰাইদেউ জিলা ভিত্তিত টাইকোৱানড' প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

বোকাপথাৰত মহাসতী জয়মতীৰ স্মৃতি দিৱস উদযাপন

দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি নিশা এখন মুকলি সভা অনুষ্ঠিত কৰা হয় । টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ নৱদ্বীপ বৰুৱাৰ পৌৰাহিত্যত আৰম্ভ হোৱা সভাখনত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰ, কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ, সমাজকৰ্মী পবি গগৈ, বলিন চেতিয়া, সাপেখাতী প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজিব কলিতা, জাতীয় সংগঠনৰ বিষয়ববীয়া ক্ৰমে লংকেশ্বৰ গগৈ, কৃষ্ণ গগৈ, স্বৰাজ গগৈ, পিংকু মহন্তৰ উপৰিও বহু বিশিষ্ট ব্যক্তি ।

তাৰোপৰি নৱজ্যোতি খাণ্ডাধৰাৰ পৰিচালনাত স্থানীয় শিল্পী সকলে "দেশপ্ৰাণা জয়া"নামৰ নাট খন মঞ্চস্থ কৰে ৷

লগতে পঢ়ক-তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে বাক্সা জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details