মৰাণ, 19 জুলাই : চাবুৱাত সাংবাদিকক দুৰ্ৱ্যৱহাৰ কৰাক লৈ সংবাদকৰ্মী আৰু বিভিন্ন দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ । ডিব্ৰুগড়ৰ চাবুৱাৰ এটা ব্যক্তিগত চেটেলাইত চেনেলৰ সাংবাদিক এজনক শনিবাৰে নিশা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ( Assam Medical College Hospital) খাকী পোছাকধাৰী ব্যক্তিয়ে দুৰ্ৱ্যৱহাৰ কৰাৰ লগতে অশ্লীল গালি গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সাংবাদিক গৰাকীৰ নাম হৈছে কল্পজ্যোতি দাস । উক্ত ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে গৰজি উঠিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সংবাদকৰ্মী তথা দল-সংগঠন ।
ইয়াৰ সমান্তৰালকৈ সাংবাদিকজনক দুৰ্ৱ্যৱহাৰ কৰা ঘটনাক লৈ দেওবাৰে চাবুৱাতো মুখত ক'লা কাপোৰ পৰিধান কৰি চাবুৱা প্ৰেছ ক্লাৱ, প্ৰেছ গীল্ড ,মটক স্বায়ত্ব শাসিত পৰিষদ ,ছাত্ৰ সন্থাকে (AASU) ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। অতি শীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবে অসম চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে প্ৰতিবাদী সংগঠন সমূহে । উল্লেখ্যে যে, বিগত কেইবাদিনৰ পৰাই সাংবাদিক গৰাকীৰ মাতৃ অসুস্থ হৈ আছে ৷ মাতৃগৰাকীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰি অসুস্থ মাতৃৰ বাবে খাদ্য আনিবলৈ বাহিৰলৈ গৈছিল সাংবাদিক গৰাকী ৷
গৈ থকা অৱস্থাতে সাংবাদিকগৰাকীক ডিব্ৰুগড় আৰক্ষীয়ে অশ্লীলভাৱে গালি-গালাজ পাৰাই নহয়, শাৰীৰিকভাৱে অপদস্থ কৰা বুলি গুৰুতৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে । ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত বৰবাৰী থানাত এজাহাৰ দাখিল কৰিছে সাংবাদিক কল্পজ্যোতি দাসে ।