ডিব্ৰুগড়, 1 অক্টোবৰ : শুকুৰবাৰে ডিব্ৰুগড়ৰ খনিকৰৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কামৰ বুজ লৈয়েই ডিব্ৰুগড়ৰ খনিকৰত থকা ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহত জগন্নাথ মন্দিৰত উপস্থিত হৈ সেৱা লয় মখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
ইপিনে মন্দিৰৰ প্ৰাংগনত মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে ফুলাম গামোচাৰে মুখ্যমন্ত্ৰীক আদৰণি জনোৱাৰ লগতে কিছু সময় কথোপকথন কৰে ৷ যি দৃশ্য বন্দী হৈ ৰয় সাংবাদিকৰ কেমেৰাত ৷
আনহাতে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কেবিনেট মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকী বিধায়ক । তাৰপাছতেই হেলিকেপ্তাৰ যোগে খনিকৰৰ পৰা গুৱাহাটীলৈ উৰা মাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।