অসম

assam

চৰকাৰৰ অৱহেলাৰ বাবেই অব্যাহত আছে আন্তঃৰাজ্যিক সীমা বিবাদ : টাইপা

By

Published : Aug 11, 2021, 5:42 PM IST

চৰাইদেউ জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদক লৈ উদ্বিগ্নতা প্ৰকাশ টাইপাৰ কেন্দ্ৰীয় নেতৃত্বৰ । চৰকাৰৰ সোপা ঢিলা নীতিৰ বাবেই আন্তঃৰাজ্যিক সীমা বিবাদ অব্যাহত আছে বুলি মন্তব্য টাইপাৰ ।

inter-state-border-dispute-continues-due-to-negligence-on-the-part-of-the-government-etv-bharat-assam
চৰকাৰৰ অৱহেলাৰ বাবেই অব্যাহত আছে আন্তঃৰাজ্যিক সীমা বিবাদ : টাইপা

মৰাণ , 11 আগষ্ট : চৰাইদেউ জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদক লৈ উদ্বিগ্নতা প্ৰকাশ টাইপাৰ কেন্দ্ৰীয় নেতৃত্বৰ । চৰকাৰৰ সোপা ঢিলা নীতিৰ বাবেই আন্তঃৰাজ্যিক সীমা বিবাদ অব্যাহত আছে । আন্তঃৰাজ্যিক সীমা সমস্যাক লৈ টাই আহোম যুৱ পৰিষদ অসমৰ হৈ সভাপতি বিজয় ৰাজকোঁৱৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

চৰাইদেউ জিলাৰ চৰাইপুং অঞ্চলত প্ৰায় 2400 হেক্টৰ মাটি অৰুণাচলীৰ দখলত থকাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই । দীৰ্ঘদিন ধৰি অব্যাহত থকা অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ নিষ্পত্তি নকৰাৰ বাবেই অৰুণাচলীয়ে অসমৰ মাটি বেদখল কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰিছে টাইপাৰ সভাপতি গৰাকীয়ে ।

চৰকাৰৰ অৱহেলাৰ বাবেই অব্যাহত আছে আন্তঃৰাজ্যিক সীমা বিবাদ : টাইপা

উল্লেখ্য যে, চৰাইদেউ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ চৰাইপুং অঞ্চলৰ প্ৰায় 2400 হেক্টৰ মাটি অৰুণাচলী বেদখলকাৰীৰ কৱলত থকা বুলি খবৰ পোৱা গৈছে ।

অসমৰ মাটিত অৰুণাচলী লোকে স্থায়ীভাৱে ঘৰ সাজি বসবাস কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপনৰ উপৰিও অৰুণাচল প্ৰদেশৰ প্ৰশাসনে অসমৰ মাটিত সাজি দিছে শিক্ষানুষ্ঠান। চৰাইদেউ জিলাৰ চৰাইপুঙৰ বৃহৎ অংশৰ মাটি অৰুণাচল প্ৰদেশৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰি শিক্ষানুষ্ঠান, বিদ্যুৎ সংযোগ, ৰাস্তাঘাট নিৰ্মাণ কৰি অসমৰ মাটি নিজৰ দখললৈ নিছে ।

কিছুদিন পূৰ্বে সীমা বিবাদৰ বাবেই উত্তেজনাৰ সৃষ্টি হৈছিল অসম-মিজোৰাম সীমান্তত ৷ যোৱা 26 জুলাইত কাছাৰ জিলাৰ অসম-মিজোৰামৰ সীমান্তৱৰ্তী অঞ্চল লাইলাপুৰত অসম প্ৰশাসনৰ দল এটিয়ে আন্তঃৰাজ্য সীমান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে মিজোৰামৰ নিৰাপত্তাৰক্ষীয়ে অসমৰ নাগৰিকক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰে ৷

এই আক্ৰমণত অসম আৰক্ষীৰ 6 জন জোৱান শ্বহীদ হোৱাৰ লগতে এজন সাধাৰণ লোকে মৃত্যুক সাৱটি লয় ৷ এই ঘটনাক লৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যত ৷

লগতে পঢ়ক:এনকাউণ্টাৰ নহয়, আৰক্ষীৰ লাঠিৰ কোবত ৰোগীৰ মৃত্যু !

ABOUT THE AUTHOR

...view details