মৰাণ, 2 জুন : ডিব্ৰুগড় জিলাৰ মৰাণ আৰু খোৱাঙত ক'ভিড (Covid 19) পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিল যদিও বুধবাৰে পুনৰ ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয় । ইয়াৰ ওপৰিও বৰ্তমানেও মৰাণ খোৱাঙৰ বহুকেইখন গাঁও কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰি ৰাখিছে স্বাস্থ্য বিভাগে ৷
ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপ-স্বাস্থ্যকেন্দ্ৰত বুধবাৰৰ দিনটোতে ৫৬ জন লোকৰ দেহত ক'ভিড (Covid 19)ৰ উপস্থিতি পোৱা গৈছে । তাৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৫৩ জন, ২ জন নাহৰণি ব্লক আৰু ১জন চৰাইদেউ জিলাৰ নিৱাসী ।
খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপ-স্বাস্থ্যকেন্দ্ৰত বুধবাৰ পৰ্যন্ত মুঠ ২১৩১ গৰাকীলৈ ক’ভিড (Covid 19) ৰোগী বৃদ্ধি পায় । বৰ্তমানে ৫০৫ জন সক্ৰিয় ক’ভিড সংক্ৰমিত লোক হোম আইচ’লেশ্যনত আছে । উক্ত ক'ভিড (Covid 19) আক্ৰান্তসকলৰ ১৬ জনক মৰাণ নৱোদয় বিদ্যালয়, লেঙেৰী, জকাই ক’ভিড কেয়াৰ চেণ্টাৰত ৰখাৰ লগতে ভামুন আৰু মৰাণ চাহ বাগিচা আইচ’লেশ্যন ৱাৰ্ড আৰু বাকীসকলক হোম আইচ’লেশ্যনত ৰখা হৈছে । চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ৰ অন্তৰ্গত এলেকাত বুধবাৰে ১৪ জন লোকৰ দেহত ক'ভিড (Covid 19) পজিটিভ ধৰা পৰিছে ।