অসম

assam

ETV Bharat / city

ই টিভিৰ বাতৰিৰ প্ৰভাৱ: গা লৰিল বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰৰ - Nagaon Dhing bridge construction

ই টিভিৰ বাতৰিৰ পাছতেই গা লৰিল দলং নিৰ্মাণ প্ৰতিষ্ঠানৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ৷ সম্প্ৰচাৰ হৈছিল শিমলুগুৰি নগাঁও-ধিং পথৰ পৰা উত্তৰ শিমলুগুৰিলৈ যোৱা পথৰ ওপৰত নিৰ্মিত পকী দলঙৰ নিৰ্মাণত সংঘটিত দুৰ্নীতিৰ বাতৰি ৷

ই টিভিৰ বাতৰিৰ প্ৰভাৱঃ গা লৰিল বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰৰ
ই টিভিৰ বাতৰিৰ প্ৰভাৱঃ গা লৰিল বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰৰ

By

Published : May 23, 2021, 8:54 PM IST

নগাঁও, 23 মে' :নগাঁও জিলাত ই টিভিৰ বাতৰিৰ পাছতেই গা লৰিল বিভাগীত কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰৰ ৷ 21 মে' তাৰিখে নগাঁৱত দলং নিৰ্মাণত অনিয়ম, এমাহ পাচতেই খহিল দলঙৰ দুয়োপাৰ শীৰ্ষক বাতৰি প্ৰচাৰ কৰা হৈছিল ই টিভি ভাৰতত ৷

নগাঁও চহৰৰ সমীপৰ শিমলুগুৰি নগাঁও-ধিং পথৰ পৰা উত্তৰ শিমলুগুৰিলৈ যোৱা পথৰ ওপৰত নিৰ্মিত পকী দলংখন নিৰ্মাণত দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ কৰা হৈছিল ৷ দলংখনৰ দুয়োপাৰ বিসংগতিপূৰ্ণ ভাৱে নিৰ্মাণ কৰাৰ ফলতেই দলঙৰ দুয়ো পাৰে সংযোগী পথচোৱা নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতেই ফাট মেলাৰ লগতে বাৰিষাৰ ফলত চপৰা চপৰে মাটি খহিবলৈ ধৰিছিল । আনকি দলংৰ নৈপৰীয়া অংশটোত সংস্থাপন কৰা বিল্ডাৰ পিচিং আৰু পথৰ দুয়ো কাষৰ গাৰ্ড প'ষ্টসমূহো হালি গৈছিল ।

ই টিভিৰ বাতৰিৰ প্ৰভাৱঃ গা লৰিল বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰৰ

তাৰ পিছতেই স্থানীয় ৰাইজে উক্ত দলংখন নিৰ্মাণৰ নামত ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাই মিলি অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল । যাৰ ফলস্বৰূপে দেওবাৰে ঠিকাদাৰে পুনৰ উক্ত ঠাইডোখৰ পৰিদৰ্শন কৰি মাটি পেলোৱা পৰিলক্ষিত হৈছে ।

যাৰ বাবে স্থানীয় ৰাইজে ই টিভি ভাৰতে এই দুৰ্নীতিৰ বাতৰি প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত দিনত এনেধৰণৰ কাম কাজত ৰাইজক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :ক'ভিডক ভেটা দিবলৈ ভেকচিনৰ নাটনি

ABOUT THE AUTHOR

...view details