অসম

assam

ETV Bharat / city

সোণাৰিৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তত ভূ-মাফিয়াৰ দপদপনি - অসম-অৰুণাচল প্ৰদেশ

সোণাৰিৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তত ভূ-মাফিয়াই চলাইছে আতংক ৷ অবৈধভাৱে পাহাৰ খনন কৰি চলাইছে ৰমৰমীয়া ব্যৱসায় ৷ কুম্ভকৰ্ণৰ নিদ্ৰাত বন বিভাগ ৷

সোণাৰিৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তত ভূ-মাফিয়াৰ দপদপনি
সোণাৰিৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তত ভূ-মাফিয়াৰ দপদপনি

By

Published : Sep 26, 2021, 6:17 PM IST

মৰাণ, 26 ছেপ্তেম্বৰ : যি সময়ত ৰাজ্য চৰকাৰে মাটিৰ দালাল তথা ভূ-মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সময়তে চৰাইদেউৰ অসম-অৰুণাচল সীমান্তৰ চৰাইপুঙত ভূ-মাফিয়াই তাণ্ডৱ অব্যাহত ৰাখিছে । মূলতঃ ভূ-মাফিয়াৰ দলটোৱে বিভিন্ন পক্ষক মেনেজ কৰি চৰাইপুং অঞ্চলৰ বৃহৎ বৃহৎ পাহাৰ কাটি বিমলাপুৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ সন্মুখেদিয়েই ট্ৰাকে ট্ৰাকে সৰবৰাহ কৰিছে মাটি ।

সোণাৰিৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তত ভূ-মাফিয়াৰ দপদপনি

জেচিবিৰে ভূ-মাফিয়াই প্ৰতি দিনাই পাহাৰ খনন কৰি দৈনিক ৩০-৪০ খন ডাম্পাৰৰ সহায়ত বিভিন্ন এলেকাত মাটি যোগান ধৰি চলাই আহিছে ৰমৰমীয়া ব্যৱসায় ৷ এই ক্ষেত্ৰত বৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তগৰ্ত বিমলাপুৰ খণ্ড বন বিষয়াজন নিৰুপায় বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে ।

খণ্ড বন বিষয়া জনে এই ক্ষেত্ৰত বৰহাট আঞ্চলিক বন বিষয়া অশোক কুমাৰ দাসক অৱগত কৰিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে খণ্ড বন কৰ্মী চন্দ্ৰ ফুকনে ।

মন কৰিবলগীয়া যে, চৰাইপুঙত মাটি খনন সন্দৰ্ভত পোহৰলৈ অহাত সেই ঠাইলৈ সাংবাদিক যোৱাৰ উমান পায় ঘটনাস্থলীৰ পৰা পলায়ন কৰে জেচিবিসহ ডাম্পাৰ । যি সময়ত চৰকাৰ মাটি দালালৰ বিৰুদ্ধে কঠোৰ হৈছে, তেনে সময়ত চৰাইদেউত অবৈধভাৱে পাহাৰ খনন কৰি ৰমৰমীয়া ব্যৱসায় চলোৱা ভূ-মাফিয়া সকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়কঃ বেদখলকাৰীৰ কবলত ৰাজ্যৰ প্ৰায় ৩১ লাখ বিঘা চৰকাৰী ভূমি

ABOUT THE AUTHOR

...view details