মৰাণ, 27 এপ্ৰিল :বৃহস্পতিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(PM Modi's Assam visit) । কেইবাটাও কাৰ্যসূচী হাতত লৈ অসমৰ কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলাত উপস্থিত হ'ব মন্ত্ৰীগৰাকী । প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ পৰাই ডিব্ৰুগড় কেন্সাৰ হাস্পতালৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ মুঠ 7 খন কেন্সাৰ হাস্পতাল ভাৰ্চুৱেলী উদ্বোধন কৰিব(PM Modi to inaugurate cancer hospitals in Assam) । ইয়াৰ লগতে তেওঁ ডিব্ৰুগড়ৰ পৰাই কেইবাখনো মেডিকেলৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব পৰা হৈছে ৷
প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ খনিকৰস্থিত পুলিচ ৰিজাৰ্ভ খেলপথাৰত এখন জনসভাতো অংশগ্ৰহণ কৰিব ৷ প্ৰধানমন্ত্ৰীৰ আগমণক লৈ ইতিমধ্যে প্ৰস্তুতি তুংগত কৰি তুলিছে ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসনে (Preparation of PMs meeting in Dibrugarh) । সকলো কাম-কাজ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আৰু বিধায়কসকলে ।