মৰাণ, 25 ডিচেম্বৰ :মৰাণত টাই আহোম যুৱ পৰিষদত যোগদান (ATASU members joins TAYPA) আটাছুৰ ডেৰ শতাধিক সদস্যৰ ৷ টাই আহোম যুৱ পৰিষদ অসম (Tai Ahom Yuva Parishad Assam) চমুকৈ 'টাইপা' ৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মৰাণ মহকুমা সমিতিৰ সহযোগত নতুন সদস্যৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷ সংগঠনটো শক্তিশালী কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
মৰাণত আটাছুৰ ডেৰ শতাধিক সদস্যৰ টাইপাত যোগদান মৰাণত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা নিপন ফুকনৰ নেতৃত্বত প্ৰায় ডেৰ শতাধিক সদস্যই টাইপাত যোগদান কৰে ৷ উল্লেখ্য যে, অসমৰ সমাজ ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে টাই আহোম যুৱ পৰিষদ অসমে । বিশেষকৈ আহোম জনগোষ্ঠীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে জাতীয় সংগ্ৰাম চলাই আছে সংগঠনটোৱে ।
এই নতুন সদস্যৰ যোগদান কাৰ্যসূচীত সভাপতিত্ব কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোঁহায়ে ৷ ইয়াৰোপৰি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, ভাৰপ্ৰাপ্ত সম্পাদক ৰাণা ৰঞ্জন গগৈ, সাংগঠনিক সম্পাদক সীমান্ত বৰুৱা, কেন্দ্ৰীয় সমিতিৰ কাৰ্য নিৰ্বাহক গিৰিণ বৰগোঁহাই, মৰাণ মহকুমা সমিতিৰ সভাপতি পলাশজ্যোতি বৰগোঁহাইকে আদি কৰি টাইপাৰ কেইবাগৰাকীও নেতা আৰু স্থানীয় সমাজকৰ্মী উপস্থিত থাকে ৷
মৰাণত আটাছুৰ ডেৰ শতাধিক সদস্যৰ টাইপাত যোগদান উল্লেখ্য যে, বিগত কিছুদিনৰ পুৰ্বে নিপন ফুকনে টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ মুখ্য উপদেষ্টা পদৰ পৰা পদত্যাগ কৰে ৷ ফলত খোৱাঙৰ আঞ্চলিক সমিতিৰ প্ৰায়সকল সদস্যই আটাছু ত্যাগ কৰে ।
লগতে পঢ়ক :Assam Cabinet: কি কি সিদ্ধান্ত হ'ল আজিৰ কেবিনেটত ?