অসম

assam

ETV Bharat / city

শিক্ষা বিভাগৰ গাফিলতিৰ বাবে অনিশ্চয়তাত তিনি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত - শিক্ষা বিভাগৰ গাফিলতিৰ বাবে অনিশ্চয়তাত তিনি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত

শিক্ষা বিভাগৰ গাফিলতিৰ বাবে অনিশ্চয়তাত নাহৰকটীয়া চাচনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ৷ বৰ্তমানেও ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ছাত্ৰ-ছাত্ৰী তিনিগৰাকীয়ে ৷

শিক্ষা সংসদৰ গাফিলতি
শিক্ষা বিভাগৰ গাফিলতিৰ বাবে অনিশ্চয়তাত তিনি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত

By

Published : Jun 30, 2020, 9:20 AM IST

নাহৰকটীয়া, 30 জুন: পোহৰলৈ আহিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকা শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ ৷ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ব্যাপক বেমেজালিৰ অভিযোগ উত্থাপন হৈছে নাহৰকটীয়াত ৷

ভূক্তভোগী ছাত্ৰ

ঘটনাৰ বিৱৰণী অনুসৰি,নাহৰকটীয়াৰ চাচনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱৰ্তীণ হৈছিল তিনি গৰাকী ছাত্ৰ-ছাত্ৰী ৷ কিন্তু মাধ্যমিক শিক্ষা সংসদৰ ভুলৰ বাবেই ফলাফলৰ তালিকাত নাম নাহিল চাচনী অঞ্চলৰ প্ৰশিক্ষাৰ্থী কেইগৰাকীৰ ৷ বৰ্ষজোৰা প্ৰস্তুতিৰে তিনি ছাত্ৰ-ছাত্ৰীয়ে আটাইকেইটা বিষয়ৰে পৰীক্ষা দিছিল যদিও মাধ্যমিক শিক্ষা সংসদৰ ভুলৰ বাবে তিনিওগৰাকীকে এটা বিষয়ৰ পৰীক্ষাত অনুপস্থিত দেখুওৱা হয় ৷ ইফালে বৰ্ডৰ এনে গাফিলতিৰ বাবে সম্প্ৰতি শৈক্ষিক জীৱন অনিশ্চয়তাত ৰৈছে চাচনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ তিনি ছাত্ৰ-ছাত্ৰীৰ ৷

ভূক্তভোগী ছাত্ৰী

উল্লেখ্য যে,বিদ্যালয়খনৰ ভকেচনেল শাখাত অধ্যয়ন কৰা প্ৰণৱ গগৈ,শৰৎ তিনিকুৰীয়া আৰু লুণা সোণোৱালে সূচীমতেই পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু বিদ্যালয়খনৰ কৰ্তৃপক্ষয়ো পৰীক্ষাৰ অন্তত বিধি অনুসাৰে সংশ্লিষ্ট বিষয়ৰ পৰীক্ষা বহী প্ৰেৰণ কৰিছিল শিক্ষা সংসদলৈ ৷ কিন্তু তিনিজনকৈ পৰিক্ষাৰ্থীয়ে ফলাফলৰ পৰা বঞ্চিত হোৱাৰ দুৰ্ভাগ্যজনক ঘটনাৰ সম্পৰ্কত বিদ্যালয় কৰ্তৃপক্ষই বৰ্ডৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে যদিও বৰ্তমান কৰ'ণা মহামাৰীৰ ফলত সেয়া সম্ভৱ হৈ উঠা নাই বুলি জানিবলৈ দিয়ে প্ৰধান শিক্ষক গৰাকীয়ে ৷

শিক্ষা বিভাগৰ গাফিলতিৰ বাবে অনিশ্চয়তাত তিনি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত

ইফালে, ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতকলৈ কোনোধৰণৰ ধেমালী নকৰিবলৈ তথা ছাত্ৰ-ছাত্ৰীৰ শিক্ষাবৰ্ষ নষ্ট হ'ব পৰা এনে কাণ্ডৰ পৰা বিৰত থাকিবলৈ শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীক সকিয়াই দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি অঞ্জন নেওঁগে ৷

লগতে পঢ়ক : বানৰ বিভীষিকা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰলৈ ঢাপলি বন্যজীৱৰ

ABOUT THE AUTHOR

...view details