অসম

assam

ETV Bharat / city

প্ৰয়াত শৰৎ শইকীয়াৰ সমাধিক্ষেত্ৰত উদ্যান নিৰ্মাণৰ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - LATE SARAT SAIKIA

মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত শৰৎ শইকীয়াৰ বাসগৃহত সোমবাৰে উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ শইকীয়াৰ পৰিয়ালবৰ্গৰ সৈতে মিলিত হোৱাৰ পাছতে মন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে, প্ৰয়াত শইকীয়াৰ সমাধি স্থানত এখন উদ্যান নিৰ্মাণ কৰা হ'ব ।

প্ৰয়াত শৰৎ শইকীয়াৰ সমাধিক্ষেত্ৰত উদ্যান নিৰ্মাণৰ কথা ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Sep 17, 2019, 1:48 PM IST

ডিব্ৰুগড়, 17 ছেপ্তেম্বৰ : মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত শৰৎ শইকীয়াৰ বাসগৃহত সোমবাৰে নিশা 9 বজাত উপস্থিত হয় ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷ শৰৎ শইকীয়াৰ মৃত্যুৰ সময়ত ব্যস্ততাৰ বাবে তেওঁৰ বাসগৃহত উপস্থিত হ'ব নোৱাৰা বাবে সোমবাৰে উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ কংগ্ৰেছ চৰকাৰৰ দিনত তিনিবাৰকৈ মাহমৰা সমষ্টিৰ বিধায়ক হোৱা শৰৎ শইকীয়াৰ অকাল মৃত্যুত দুখ প্ৰকাশ কৰাৰ লগতে শৰৎ শইকীয়াৰ স্মৃতি ৰক্ষাৰ্থে বিভিন্ন ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰা হ'ব বুলি পৰিয়ালক অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ৷

প্ৰয়াত শৰৎ শইকীয়াৰ বাসগৃহত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

শইকীয়াৰ পৰিয়ালবৰ্গৰ সৈতে মিলিত হোৱাৰ পাছতে মন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে, প্ৰয়াত শইকীয়াৰ সমাধি স্থানত এখন উদ্যান নিৰ্মাণ কৰা হ'ব । লগতে তেওঁ মন্তব্য কৰে যে, এই উদ্যানৰ কাম অতি কম সময়ৰ ভিতৰতে আৰম্ভ হ'ব । এই সময়ছোৱাত শৰ্মাৰ লগত উপস্থিত আছিল ৰাজ্যসভাৰ সদস্য কামাখ্যা প্ৰসাদ তাচা, বিধায়ক যোগেন মহন আৰু চক্ৰধৰ গগৈ । শৰৎ শইকীয়াৰ পৰিয়ালৰ পৰা বিদায় লৈ মন্ত্ৰীজনে বিধায়ক যোগেন মহন আৰু চক্ৰধৰ গগৈৰ পৰা সমষ্টিৰ উন্নয়ন সম্পৰ্কে বুজ লয় ।‌

প্ৰয়াত শৰৎ শইকীয়াৰ সমাধিক্ষেত্ৰত উদ্যান নিৰ্মাণৰ কথা ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details