অসম

assam

ETV Bharat / city

অসম গৌৰৱ বঁ‌টাক লৈ হেমপ্ৰভা চুতীয়াৰ প্ৰতিক্ৰিয়া - অসম গৌৰৱ বঁ‌টাক লৈ হেমপ্ৰভা চুতীয়াৰ প্ৰতিক্ৰিয়া

অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচনা কৰে । অসমীয়া মহিলাৰ স্বাৱলম্বিতাৰ সমল বয়ন শিল্পক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ বাবে অহৰহ প্ৰয়াস অব্যাহত ৰখা মৰাণৰ হেমপ্ৰভা চুতীয়ালৈ অসম গৌৰৱ বঁটা ৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই আনন্দৰ বন্যা বৈছে মৰাণত ৷

Hemoprabha Chutia's reaction to Asom Gourav Award
অসম গৌৰৱ বঁ‌টাক লৈ হেমপ্ৰভা চুতীয়াৰ প্ৰতিক্ৰিয়া

By

Published : Dec 5, 2021, 7:35 PM IST

মৰাণ, ৫ ডিচেম্বৰ :হস্ততাঁতশালত চাৰিখনকৈ ধৰ্মগ্ৰন্থ বৈ উলিয়াই ৰাজ্যত পৰিচিত হৈ পৰা মৰাণৰ হেমপ্ৰভা চুতীয়ালৈ অসম চৰকাৰে আগবঢ়াইছে অসম গৌৰৱ বঁ‌টা । এই খবৰ লাভ কৰাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে হেমপ্ৰভা চুতীয়া । হেমপ্ৰভা চুতীয়াৰ মৰাণ ফটিকাছোৱা অভয়পুৰ গাঁৱৰ ঘৰত এতিয়া বৈছে আনন্দৰ বন্যা । মানুহৰ সোঁত বৈছে তেখেতৰ ঘৰলৈ ।

অসম গৌৰৱ বঁ‌টাক লৈ হেমপ্ৰভা চুতীয়াৰ প্ৰতিক্ৰিয়া

হেমপ্ৰভা চুতীয়াই ২০১৩ চনৰ পৰাই আৰম্ভ কৰিছিল এই যাত্ৰা । তেওঁ প্ৰথমে মুগা সূতা আৰু গুণাৰ আখৰ ঊণ সূতাৰে তাঁতশালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৮০ ফুট দৈৰ্ঘ আৰু ১৭ ইঞ্চি প্ৰস্থৰ 'গুণমালা' বৈ চমক সৃষ্টি কৰিছিল । ইয়াৰ পিছতে তেওঁ‌ ক্ৰমে ২০০ ফুট দৈৰ্ঘৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত 'নামঘোষা', ১৫০ ফুট দৈৰ্ঘৰ 'শ্ৰীমদ্ভাগৱত গীতা' সংস্কৃতত আৰু শেহতীয়াকৈ ২৮০ ফুট দৈৰ্ঘৰ 'শ্ৰীমদ্ভাৱত গীতা' ইংৰাজীত লিখি চমক সৃষ্টি কৰাৰ লগতে সমগ্ৰ অসমতে পৰিচিত হৈ পৰিছিল ।

অসম গৌৰৱ বঁ‌টাক লৈ হেমপ্ৰভা চুতীয়াৰ প্ৰতিক্ৰিয়া

হেমপ্ৰভা চুতীয়াৰ এই সৃষ্টিৰাজিৰ বাবে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিগত সময়ছোৱাত তেওঁলৈ বিভিন্ন বঁ‌টাও আগবঢ়াইছে । আৰ্থিক অনাটনৰ মাজেৰে নিজৰ সৃষ্টিক সফল ৰূপ দিয়া হেমপ্ৰভা চুতীয়াক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম গৌৰৱ বঁ‌টাৰ বাবে মনোনীত কৰাত স্বাভাৱিকতে তেওঁৰ বাসগৃহৰ লগতে সমগ্ৰ জিলাখনত আনন্দৰ লহৰ উঠিছে । এই বঁ‌টাৰ সমান্তৰালকৈ তেওঁৰ সৃষ্টিৰাজিসমূহ অসম চৰকাৰে সংগ্ৰহৰ ব্যৱস্থা কৰি দিব চুতীয়াই আশা ব্যক্ত কৰিছে ।

অসম গৌৰৱ বঁ‌টাক লৈ হেমপ্ৰভা চুতীয়াৰ প্ৰতিক্ৰিয়া

লগতে পঢ়ক :Government Scheme for Women : মহিলা কাৰিকৰসকলক সৱলীকৰণৰ কাৰণে ব্যৱসায়িক আৰ্হি প্ৰস্তুত

ABOUT THE AUTHOR

...view details