মৰাণ, 28 মে' :ৰাজ্যৰ মন্ত্ৰী বিধায়কে স্বচ্ছ আৰু নিকাভাৱে চৰকাৰী আঁচনি ৰূপায়ন কৰাৰ কথা ক'লেও সমষ্টিয়ে সমষ্টিয়ে পূৰ্বৰ সোণোৱাল চৰকাৰৰ দিনত চৰকাৰী আঁচনি ৰূপায়নত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰ পৰা বাদ পৰি নগ'ল মৰাণ বিধানসভা সমষ্টিয়ো ।
গড়কাপ্তানী বিভাগৰ বিষয়াৰ গুৰুত্বহীনতাৰ বাবেই ঠিকাদৰে নিম্ন মানদণ্ডৰে পথৰ কাম কৰা ফলতে টেপৰচালি বামৰ পৰা বৰফুকন আলি সংযোজি পথটোৰ সৰগফলা গোহাঁই গাঁৱৰ ডিমৌ নদীৰ ওপৰত থকা দলঙৰ দুয়োটা মূৰৰ পথৰ অংশ বহি যোৱাত যাতায়তত যথেষ্ট সমস্যা সৃষ্টি হৈছে । উল্লেখ যে, ১৯ বৰ্ষত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে আধাৰশিলা স্থাপন কৰাৰ পাছতে গড়কাপ্তানী বিভাগৰ অধীনত পথ আৰু দলঙৰ কাম কৰা হৈছিল ৷