অসম

assam

ETV Bharat / city

Har Ghar Dastak: চৰাইদেউ জিলাত বৰ্তমানেও ছশ ব্যক্তিয়ে লোৱা নাই ক'ভিড ভেকচিন - চৰাইদেউত হৰ ঘৰ দস্তক অভিযান

ৰাজ্য চৰকাৰে হৰ ঘৰ দস্তক অভিযান(Har Ghar Dastak vaccinating campaign launched in Assam)ৰ অধীনত ক’ভিড ভেকচিনৰ প্ৰথম পালিৰে সকলোকে সাঙুৰি লোৱা নিৰ্ধাৰণ কৰিছে ৷ যাৰবাবে এতিয়া প্ৰতিখন জিলাত চিকিৎসক, যুটীয়া সঞ্চালক আৰু স্বাস্থ্যকৰ্মীৰ ঘৰে ঘৰে গৈ প্ৰদান কৰিছে ক’ভিড ভেকচিনৰ প্ৰথম পালি ৷ বহু ঠাইত অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে স্বাস্থ্য বিষয়া, চিকিৎসকৰ দল ।

Har Ghar Dastak in Moran
ঘৰে ঘৰে অসম চৰকাৰৰ ভূমিলেখ্য অধিকৰ্তা

By

Published : Dec 3, 2021, 8:56 PM IST

মৰাণ, 3 ডিচেম্বৰ :চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা(Charaideo DC Paul Baruah), আৰক্ষী আয়ুক্ত সুধাকৰ সিঙসহ আৰক্ষী আৰু চিকিৎসকৰ এটা বৃহৎ দলক লগত লৈ অসম চৰকাৰৰ ভূমিলেখ্য অধিকৰ্তা জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে বৃহস্পতিবাৰে মৰাণৰ ঘৰে ঘৰে গৈ হৰ ঘৰ দস্তক(Har Ghar Dastak in Moran) অভিযান ৰূপায়ন কৰে ৷ উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমাত অৱস্থিত মৰাণতো ঘৰে ঘৰে গৈ ক'ভিড ভেকচিন দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে । কিন্তু স্বাস্থ্য কৰ্মী চিকিৎসকে আপ্ৰাণ চেষ্টা কৰিও কিছু লোকক দিব পৰা নাই ভেকচিন ।

ঘৰে ঘৰে অসম চৰকাৰৰ ভূমিলেখ্য অধিকৰ্তা

মৰাণৰ বিষ্ণু নগৰত এজন ব্যক্তিয়ে তেওঁ পৰিবাৰৰ সৈতে ক'ভিড ভেকচিন ল'বলৈ অমান্তি হৈ অস্বস্তিত পেলাইছিল চিকিৎসকসকলক । যাৰবাবে বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকে অসম চৰকাৰৰ ভূমিলেখ্য অধিকৰ্তা জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠি(Director of Land Records & Surveys etc, Gyanendra Dev Tripathi)ক লগত লৈ ব্যক্তিজনৰ ঘৰত উপস্থিত হয় । চৰাইদেউ জিলাৰ উপায়ুক্ত আৰু জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠিয়ে বহু সময় ধৰি বয়োজ্যেষ্ঠ ব্যক্তিজনক বুজাই অৱশেষত ভেকচিনৰ পালি প্ৰদান কৰে ৷

অসম চৰকাৰৰ ভূমিলেখ্য অধিকৰ্তাগৰাকীয়ে বয়োজ্যেষ্ঠ ব্যক্তিজনে কৰা সহযোগিতাৰ বাবে এখন গামোচাৰে সম্বৰ্ধনা জনায় । চৰাইদেউ জিলাৰ উপায়ুক্তগৰাকীয়ে সদৰি কৰা অনুসৰি এতিয়ালৈ জিলাখনত প্ৰায় ছশজন ব্যক্তি নাই লোৱা ক'ভিড ভেকচিন ৷

লগতে পঢ়ক :Har Ghar Dastak in Barpeta: ভেকচিন দিব গৈ অপ্ৰীতিকৰ পৰিস্থিতিত চিকিৎসকৰ দল

ABOUT THE AUTHOR

...view details