মৰাণ, 15 মাৰ্চ: আগতেও এটুপি ধৰি কাৰ্যালয়লৈ আহে, এইবাৰ ড’জটো অলপ বেছি হ’ল ৷ লাহে লাহে গৰমৰ দিন অহাত নিচাই মুৰত ধৰাত কাৰ্যালয়ৰ টেবুলখনকে নিশাৰ বিচনা বুলি ভাবি মুৰটো থৈ শুই পৰিল সচিব মহোদয় (Drunk secretary fell asleep in office) ৷ ধুমুহা আহিলেও উঠাৰ নাম নোলোৱা মহোদয়ক সকলোৱে পাৰ্যমানে চেষ্টা কৰিলে উঠাবলৈ ৷ নাই, কামত নাহিল ৷
চৰাইদেউ জিলাৰ সাপেখাতীৰ ৰহন গাওঁ পঞ্চায়তৰ সুৰাত মগন অমিত শৰ্মা নামৰ সচিবগৰাকীয়ে দিনতে ডিঙিলৈকে গিলি কাৰ্যালয়ত উপস্থিত হ’ল ৷ উপস্থিত হৈয়ে টোপনিত লালকাল সচিব অমিত শৰ্মা । কোনোবা সময়ত যদি দীঘল হুমুনিয়াহ, কোনোবা সময়ত ঘোৰ নিদ্ৰাত । যাৰ বাবে আচম্বিত খণ্ড উন্নয়ণ বিষয়াৰ লগতে পঞ্চায়ত সভাপতি ।
সুৰাত মগন হৈ কাৰ্যালয়তে এঘূমতি মাৰিলে সচিব মহোদয়ে উল্লেখ্য যে, ৰাজ্য চৰকাৰ গ্ৰামোন্নয়ণ বিভাগৰ সচিব প্ৰধানৰ দায়িত্বত কৰ্মৰত অমিত শৰ্মা নামৰ এই ব্যক্তিজনে পূৰ্বতেও মাদক দ্ৰব্য সেৱন কৰি কাৰ্যালয়ত উপস্থিত হোৱাৰ ঘটনা সংঘটিত হৈছে । ইয়াৰ উপৰিও কাৰ্যালয়ত অনুপস্থিত থকাৰ ঘটনাও বহুত ৷ যাৰ পৰিপ্ৰেক্ষিতত উন্নয়ণ খণ্ডৰ জড়িয়তে উপায়ুক্ত কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল অভিযোগ ।
মঙলবাৰে শৰ্মাই কাৰ্যালয়তে সুৰাৰ ৰাগিত মাতাল হৈ এনেদৰে শুই থকা প্ৰত্যক্ষ কৰে খণ্ড উন্নয়ন বিষয়াৰ লগতে পঞ্চায়ত প্ৰতিনিধিয়ে ৷ সুৰাৰ নিচাত মাতাল পঞ্চায়ত সচিবগৰাকীক বহু লোকে বাৰম্বাৰ উঠোৱাৰ চেষ্টা কৰে যদিও বিফল হয় ৷ অৱশেষত সাপেখাতী আৰক্ষী থানাৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ সচিবগৰাকীক দাঙি নি আৰক্ষীৰ গাড়ীত উঠাই চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক:অৱদেশ যাদৱৰ হত্যাকাৰীক বিহাৰৰ পৰা গ্ৰেপ্তাৰ