ডিব্ৰুগড়, 6 অক্টোবৰ:সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ মহানুভৱতা (Generosity of Minister Bimal Bora) ৷ গান গায় ভালপোৱা পিতৃহাৰা এজন ছাত্ৰক প্ৰদান কৰিলে এখন গীটাৰ ৷ প্ৰতিশ্ৰুতি সাপেক্ষে গান গাই ভালপোৱা যুৱকজনৰ ঘৰত উপস্থিত হৈ মন্ত্ৰীজনে প্ৰদান কৰিলে গীটাৰখন ৷
ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত ৰহন গোহাঁই গাঁৱৰ গান গাই ভালপোৱা এগৰাকী পিতৃহাৰা অতি দৰিদ্ৰ পৰিয়ালৰ ভাস্কৰ ফুকন নামৰ যুৱকজনক সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই প্ৰদান কৰিলে এখন গীটাৰ ৷ কিয়নো ভৱিষ্যতে এজন নামজ্বলা গায়ক হোৱা হাবিয়াস পূৰণ কৰিবলৈ গীতৰ চৰ্চা কৰিবলৈ ভাস্কৰ ফুকনৰ নাছিল প্ৰয়োজনীয় বাদ্যযন্ত্ৰ ৷
গান গাই ভালপোৱা যুৱকজনক প্ৰদান কৰিলে গীটাৰ ইফালে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দিয়া ভাস্কৰ ফুকনৰ মাত়ৃৰ নাই পুত্ৰৰ সপোন পূৰণ কৰিবলৈ সামৰ্থ ৷ সেয়েহে কিছুদিনৰ পূৰ্বে মাতৃৰ সৈতে ভাস্কৰ ফুকনে আৰ্থিক সাহাৰ্য বিচাৰি গৈছিল স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ কাষলৈ আৰু মন্ত্ৰীগৰাকীয়ে ভাস্কৰক এখন গীটাৰ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।
সেই প্ৰতিশ্ৰুতি পূৰণৰ সাপেক্ষেই বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে ভাস্কৰৰ বাসগৃহত উপস্থিত হৈ নিজ হাতেৰে এখন গীটাৰ প্ৰদান কৰে (Minister Bimal Bora at Moran) ।
লগতে পঢ়ক:অৰুণাচল প্ৰদেশৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ শ্বহীদ পাইলটক সেনাৰ শেষ শ্ৰদ্ধা