অসম

assam

By

Published : Dec 3, 2020, 11:44 AM IST

ETV Bharat / city

নাহৰকটীয়াত ভয়ানক অগ্নিকাণ্ডই চাৰখাৰ কৰিলে বহু বিঘা পকা ধান

অইল ইণ্ডিয়াৰ হেমাহিৰ বাবে নাহৰকটীয়াৰ জয়পুৰত ভয়ানক অগ্নিকাণ্ড ৷ জুইত জাহ গ'ল বিঘাই বিঘাই পকা ধান ৷

অগ্নিকাণ্ডই চাৰখাৰ কৰিলে বহু বিঘা পকা ধান
নাহৰকটীয়াত ভয়ানক অগ্নিকাণ্ড

মৰাণ, 3 ডিচেম্বৰ : বিপদে লগ এৰা নাই অইল ইণ্ডিয়াক । বাঘজানৰ পাছত ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ জয়পুৰ অঞ্চলত অইল পাইপ ফাটি নিৰ্গৰিত হোৱা তেলৰ ফলত লাগিল জুই । বুধবাৰে আবেলি এক ভয়ানক অগ্নিকাণ্ডই ক্ৰাসৰ সৃষ্টি কৰিলে জয়পুৰ দিহিং নদীৰ ওচৰত থকা অইল ইণ্ডিয়াৰ পাইপ দলঙৰ কাষৰ জয়পুৰ গাঁৱৰ ধাননী পথাৰত ।

নাহৰকটীয়াত ভয়ানক অগ্নিকাণ্ড

স্থানীয় বাসিন্দা তথা প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, প্ৰায় ডেৰ মাহ আগতেই দলঙৰ কাষৰ পাম্পিং চেন্টাৰত অঘটন ঘটি পাইপ ফাটি তেল নিৰ্গত হৈ আঘোণৰ পকা ধানৰ পথাৰত বিয়পি পৰিছিল । এই বিষয়ত অইল ইণ্ডিয়াই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল । অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ হেমাহিৰ বাবে বুধবাৰে হঠাৎ জুইয়ে আৱৰি ধৰি ভয়ংকৰ পৰিবেশৰ সৃষ্টি কৰে কেইবাশ বিঘা পকা ধাননি পথাৰ ।

ঘটনাৰ ফলত ধান দাই থকা দাৱনিসকলৰ মাজত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় । চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি প্ৰায় দুঘন্টা সময় আপ্ৰাণ চেষ্টা চলোৱাৰ ফলত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় । ফলত কথমপি ৰক্ষা পৰে জয়পুৰ গাঁৱৰ বাসিন্দাসকল ৷ মূলতঃ অইল কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :আজি আনুষ্ঠানিকভাৱে আছু এৰিব লুৰিনজ্যোতি গগৈয়ে

ABOUT THE AUTHOR

...view details