ডিব্ৰুগড়, 1 এপ্ৰিল :নিশা প্ৰায় 1.30 বজাত জুই লগাত হুৱাদুৱা লাগে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ৱাৰ্ডৰ কৰ’ণাত আক্ৰান্ত ৰোগীসকলৰ মাজত ৷ অক্সিজেন লৈ থকা ৰোগীয়ো ক’ভিড ৱাৰ্ডৰ অট্টালিকাৰ পৰা ৰাজপথলৈ নামি আহে ।
কৰ্তৃপক্ষই ৰোগী সকলক অন্য স্থানলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে যদিও পৰিস্থিতি ভাল হোৱাত ৰোগী সকলক পুনৰ নিজ নিজ স্থানলৈ লৈ যোৱা হয় । অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে এখন বিজুলী পাংখাত হোৱা বিজুতিৰ বাবেই এই ঘটনা সংঘটিত হয় ।