মৰাণ, 9 নৱেম্বৰ : ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাক বিদায় জনালে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ৷ সোমবাৰে অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত থাকে আছুৰ কৰ্মকৰ্তাসকল ৷ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত আছু কৰ্মীসকলে উপায়ুক্তগৰাকীক ফুলাম গামোচা, শৰাই আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি বিদায় জনায় ৷
ডিব্ৰুগড়ৰ উপায়ুক্তক বিদায় জনালে ছাত্ৰ সন্থাই - dibrugarh news
ডিব্ৰুগড়ৰ পৰা বিদায় মাগিলে উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷ বিদায়ৰ পূৰ্বে উপায়ুক্তগৰাকীক সম্বৰ্ধনা জনালে জিলা আছুৰ কৰ্মকৰ্তাসকলে ৷
![ডিব্ৰুগড়ৰ উপায়ুক্তক বিদায় জনালে ছাত্ৰ সন্থাই greetings to dc pallab gopal jha](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-13581410-thumbnail-3x2-dc.jpg)
ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাক বিদায় সম্বৰ্ধনা জনালে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই
উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ বাবে বহু গুৰুত্বপূৰ্ণ কাম কৰি ডিব্ৰুগড়বাসীৰ মৰম বুটলিবলৈ সক্ষম হোৱা পল্লৱ গোপাল ঝাক কামৰূপ(ম) ৰ উপায়ুক্ত হিচাপে বদলি কৰিছে ৰাজ্য চৰকাৰে । উপায়ুক্তগৰাকীয়ে খুব কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিছিল । ৰাইজৰ সকলো সমস্যাৰ প্ৰতি গুৰুত্ব সহকাৰে চকু দিয়া পল্লৱ গোপাল ঝাই সকলো শ্ৰেণীৰ মানুহৰ বাবে কাম কৰি অহা বুলি সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল ৷
লগতে পঢ়ক :নাগালেণ্ডত উদ্ধাৰ সন্দেহজনক নগা দুৰ্বৃত্তই লুটি নিয়া অসমৰ ম’হ