ডিব্ৰুগড়, 2 নৱেম্বৰ :অসম চিকিৎসা মহাবিদ্যালয়ত কৰ'ণা মৃত্যু হোৱা লোকৰ দেহৰ পৰা নোহোৱা হৈছে সোণৰ চেইন, আঙুঠি, মোবাইল আৰু অন্য মূল্যবান সামগ্ৰী ৷ চিচি টিভি কেমেৰাৰে নিৰীক্ষণ, আন আন ৰোগী আৰু ৰোগীৰ অভিভাৱকৰ প্ৰবেশ নিষেধ থকা অসম চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড ৱাৰ্ডত সংঘটিত হৈছে এনেধৰণৰ চুৰিৰ ঘটনা ৷ কৰ'ণাত কোনো লোকৰ মৃত্যু হ'লে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা নোহোৱা হয় মূল্যৱান আ- অলংকাৰ ৷
মৃত চিকিৎসক ডাঃ অনিল তামুলীৰ পৰিয়ালে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ ৷ মহাবিদ্যালয়ৰ ক'ভিড ৱাৰ্ডত মৃত্যুক সাৱটি লোৱা বিশিষ্ট চিকিৎসক অনিল তামুলীৰ দেহৰ পৰা নোহোৱা হৈছে মূল্যৱান অলংকাৰৰ লগতে মানিবেগ ৷ জকাই আদৰ্শ মডেল হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক হিচাপে কৰ্মৰত ডাঃ অনিল তামুলীৰ যোৱা ছেপ্তেম্বৰ মাহত ক'ভিড-19 ত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছিল ৷