মৰাণ, 16 জুন :কৰ'ণা (Corona)ৰ ভয়াৱহ পৰিস্থিতিৰ মাজতেই ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টি (Moran Constituency)ৰ কুটুহা গাঁও পঞ্চায়তৰ ভগামূৰ নেপালী গাঁৱৰ ৰাইজলৈ বুঢ়ীদিহিং নৈয়ে আনিছে আন এক ভাবুকি ৷ বছৰ বছৰ ধৰি বুঢ়ীদিহিং নৈৰ খহনীয়াত অঞ্চলটোৰ বহু পৰিয়ালৰ শ-শ বিঘা কৃষিভূমিৰ লগতে ঘৰ-মাটি উচন হৈছে ৷ নৈখনৰ খহনীয়াই ভয়ংকৰ ৰূপ লোৱাত গাঁও খনৰ বহু পৰিয়ালে ইতিমধ্যে গাঁও এৰি অন্য ঠাইলৈ যাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷
নৈ খনৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ৰাইজে চৰকাৰ তথা জল সম্পদ বিভাগ (Water resource department)ক বহুবাৰ আবেদন নিবেদন কৰিছিল যদিও এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ কৰিছে নৈ পৰীয়া ৰাইজে ৷ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ বাবে নৈ খনৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুলি অভিযোগ কৰিছে ৰাইজে ৷
শীঘ্ৰেই বিভাগীয় বুঢ়ীদিহিং নৈ (Burhidehing River)খনৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধি সকলক আহ্বান জনাইছে ৰাইজে । যদি খহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা নকৰে তেনেহ'লে গাওঁখনৰ লগতে কৃষি পথাৰখন নৈ খনত বিলীন হৈ যাব বুলি শংকিত হৈছে নৈ পৰীয়া ৰাইজ ৷