অসম

assam

ETV Bharat / city

মৰাণৰ ডিমৌ নৈত প্ৰবল গৰাখহনীয়া - ডিব্ৰুগড়

মৰাণৰ ডিমৌ নদীৰ প্ৰবল গৰাখহনীয়া ৷ যিকোনো মুহূৰ্তত বিচ্ছিন্ন হৈ পৰিব পাৰে ধেমেচীৰ এটা পথ ৷

Erosion At Dimow river
মৰাণৰ ডিমৌ নৈত প্ৰবল গৰাখহনীয়া

By

Published : Nov 7, 2020, 8:48 PM IST

মৰাণ,7 নেৱেম্বৰঃডিব্ৰুগড়ত জিলাৰমৰাণ সমষ্টিৰ ধেমেচীৰ মৰাণ-নিতাই সংযোগী পথৰ আখৈফুটিয়াত থকা ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ ইতিমধ্যে নৈখনৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে অঞ্চলটোৰ ৰাইজৰ মাজত।

স্থানীয় ৰাইজে জনোৱা মতে, বাৰিষা যোৱাৰ লগে লগে ডিমৌ নৈ খনত চপৰা চপৰে খহি যায় নৈৰ গৰা । ইতিমধ্যে নৈখনৰ গৰাখহনিয়াত জাহ গৈছে পথটোৰ বহু অংশ ৷ ইফালে নৈখনৰ গৰখহনীয়া প্ৰতিৰোধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জন প্ৰতিনিধি গৰাকীক স্থানীয় ৰাইজে বহুবাৰো অনুৰোধ জনাই আহিছে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

অতি শীঘ্ৰে নৈখনৰ গৰা খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ৷ অন্যথা নৈখনৰ গৰাখহনীয়াত নিচিহ্ন হ'ব অঞ্চলটোৰ ৰাইজৰ মাজত থকা যাতায়াত ব্যৱস্থা ৷

লগতে পঢ়ক- নীলাপানী হ্ৰদত সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details