ডিব্ৰুগড়, 24 জানুৱাৰী : ৰাজ্যৰ বহু স্থানত বৰ্তমানেও অব্যাহত বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত ৷ সংকুচিত বনাঞ্চল আৰু বনজ জীৱৰ খাদ্যৰ অভাৱেই হৈছে এই বন্যপ্ৰাণী আৰু মানৱকূলৰ মাজত চলি অহা সংঘাতৰ অন্যতম কাৰণ ৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সঘনে বন্যহস্তী আৰু মানুহৰ এখন অসমাপ্ত ৰণ চলি অহা দেখা গৈছে ৷ গোলাঘাট,গোৱালপাৰা,বাক্সা,ওদালগুৰি, নগাঁও আদি কেইখনমান জিলাত হস্তী-মানৱ সংঘাতৰ চূড়ান্ত ৰূপ পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ আন কেইবাখনো জিলালৈও বন্যহস্তী আৰু মানুহৰ সংঘাত বিয়পি পৰিছে ৷ তাৰে অনুৰূপ দৃশ্য দেখা পোৱা গ’ল ডিব্ৰুগড় মধুপুৰত ৷ 2 নং চৰাইহাবিত মইনা দাস নামৰ ব্যক্তিজনৰ বাসগৃহ ভাঙি তহিলং কৰিলে বনৰীয়া হাতীয়ে । এই আক্ৰমণত আহত হয় এগৰাকী বৃদ্ধা ।
ডিব্ৰুগড়ত হাতী মানুহৰ সংঘাত: আহত এক - 2 নং চৰাইহাবিত মইনা দাসৰ গৃহত হাতীৰ আক্ৰমণ
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ত মধুপুৰত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ ঘৰৰ বেৰ কাটি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ ৷
ডিব্ৰুগড়ত হাতী মানুহৰ সংঘাত
প্ৰায়ে মেডেলা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহে শ-শ হাতীৰ জাক ৷ দীৰ্ঘদিনৰ পৰাই মধুপুৰ অঞ্চলত উপদ্ৰৱ চলাই আছিল হাতীৰ জাকটোৱে ৷ আঘোণৰ পথাৰত ধান খাই তহিলং কৰাৰ পাচতে এতিয়া গৃহস্থৰ গৃহত অনিষ্ট কৰিছে বনৰীয়া হাতীৰ জাকটোৱে। বৃহস্পতিবাৰে নিশাৰ ভাগত মইনা দাসৰ বাসগৃহটো ভাঙি ধান-চাউল খাই বিভিন্ন বহু সা-সামগ্ৰী অনিষ্ট কৰে। কথমপি ঘৰৰ বেৰ কাটি পৰিয়ালটোৱে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও মইনা দাসৰ বৃদ্ধা মাতৃ আৰু কন্যা কিছু পৰিমাণে আহত হয়।