মৰাণ, 24 অক্টোবৰঃ কৰ'ণা মহামাৰীৰ আতংকৰ মাজতে আৰম্ভ হ'ল শাৰদীয় দুৰ্গা পূজা । সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ মৰাণতো উদযাপন কৰা হৈছে দুৰ্গা পূজা ৷
উল্লেখ্য যে, বিগত বৰ্ষত মৰাণ চহৰতে ৫ খনকৈ দুৰ্গা পূজা উদযাপন হোৱাৰ লগতে চহৰখনৰ কাষৰীয়া চাহ বাগানসমূহতো এই দুৰ্গা পূজা অনুষ্ঠিত হৈ আহিছে ৷ কিন্তু এইবেলি কৰ'ণা মহামাৰীৰ বাবে পূজা উদযাপন কৰা সন্দৰ্ভত প্ৰশাসনে ল'লে কিছু ব্যতিক্ৰমী প্ৰচেষ্টা ৷ অঞ্চলটোৰ সকলো পূজা সমিতিক একত্ৰিত কৰি মৰাণ প্ৰশাসনে এখন দুৰ্গা পূজা সমন্বয়ৰক্ষী সমিতি গঠন কৰি দিয়ে ৷ লগতে মৰাণত পূজাৰ দিন কেইটাত যাতে শান্তি শৃংখলা অটুত থাকে তাৰ বাবে সকলোকে চেষ্টা তথা সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনে আহ্বান জনায় ।