ডিব্ৰুগড়,2 মাৰ্চ: ডিব্ৰুগড়ত দৃষ্টি নামৰ এটা সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ ৷ বৃহস্পতিবাৰে কুমাৰিণী চিগাৰ দীপজ্যাতি সংঘৰ প্ৰেক্ষাগৃহত দৃষ্টি ফাউণ্ডেচন আৰু ৰাইজৰ সহযোগত দৃষ্টি মিৰি মাৰ্কেট বাৰ্টাৰ নামৰ এটা মোবাইল এপ মুকলি কৰে যাৰ জৰিয়তে ৰাইজে সামগ্ৰী বিক্ৰী আৰু বিনিময় কৰিব পাৰিব ৷
ডিব্ৰুগড়ৰ দৃষ্টি ফাউণ্ডেশ্যনৰ এক প্ৰশংসনীয় পদক্ষেপ - কুমাৰিণী চিগা
ডিব্ৰুগড়ত দৃষ্টি ফাউণ্ডেশ্যন নামৰ এটা সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ ৷ ইয়াৰ জৰিয়তে সামগ্ৰী বিক্ৰী আৰু বিনিময় কৰিব পাৰিব ৷
![ডিব্ৰুগড়ৰ দৃষ্টি ফাউণ্ডেশ্যনৰ এক প্ৰশংসনীয় পদক্ষেপ drishtee-foundation-mobile-app](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11246516-thumbnail-3x2-dristi.jpg)
ডিব্ৰুগড়ৰ দৃষ্টি ফাউণ্ডেশ্যনৰ এক প্ৰশংসনীয় পদক্ষেপ
উদ্যোগতা সকলে জানিবলৈ দিয়া মতে অঞ্চলটোৰ ৭ খন গাঁৱৰ ৩০০ টা পৰিয়ালৰ ৯০ শতাংশ মহিলা আৰু ১০ শতাংশ পুৰুষক জীৱন জীৱিকাৰ যোগেদি স্বাৱলম্বী কৰাৰ বাবে এই পৰিকল্পনা হাতত লৈছে । উল্লেখযোগ্য যে, এই এপৰ জৰিয়তে মহিলা সকলেও উৎপাদিত সামগ্ৰী বিক্ৰী আৰু বিনিময় কৰি জীৱিকাৰ এক নতুন পথ বাচিব ল’ব পাৰিব ।