মৰাণ, 9 জানুৱাৰী :ৰাজ্যজুৰি মাঘ বিহু বা ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে (Preparations for the Bhogali Bihu in Assam) ৷ ভোগৰ বতৰত ডিব্ৰুগড়ৰ বগীবিল অঞ্চলত দেখা গৈছে এখন বিপৰীত ছবি ৷ পূৰ্বৰ বছৰতকৈ এইবাৰ অসমত বৰষুণৰ পৰিমাণ যথেষ্ট কম । যাৰ বাবে খেতিয়ক ৰাইজ সন্মুখীন হৈছে তীব্ৰ সংকটৰ । বৰষুণৰ অভাৱত ডিব্ৰুগড়ৰ লুইতৰ চাপৰিৰ কৃষিভূমি সমূহত বৰ্তমান খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে (Draught situation in Dibrugarh) ৷
যাৰ বাবে বৰষুণৰ পানীক ভৰষা কৰি কৃষি কাৰ্য কৰা একাংশ যুৱকে পানীৰ অভাৱত মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতি হৈছে ৷ চৰকাৰী জলসিঞ্চন বিভাগৰ পঁয়ালগা অৱস্থাৰ ফল ভুগিছে এইসকল কৃষকে ( Farmers facing problem due to draught at Bogibeel ) ৷ বিগত দুটা বছৰে কৰ’ণানা মহামাৰীৰ ফলত ৰাজ্যৰ বজাৰসমূহ বন্ধ হোৱাত উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল বগীবিলৰ এই যুৱকসকলে ৷