অসম

assam

ETV Bharat / city

অৱশেষত নিলম্বন বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকা - Dr Ajanta Hazarika

ৰে’লৱেত চাকৰি দিয়াৰ নামত শিক্ষিত নিবনুৱাৰ পৰা লক্ষাধিক টকা সংগ্ৰহ কৰা বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকাক অৱশেষত নিলম্বন কৰিছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৷

অৱশেষত নিলম্বন বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকা
অৱশেষত নিলম্বন বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকা

By

Published : Jan 17, 2021, 2:35 PM IST

মৰাণ, 17 জানুৱাৰী :স্বাস্থ্য সেৱাৰ দৰে সন্মানীয় বৃত্তিৰ সৈতে জড়িত হৈয়ো একাংশ শিক্ষিত নিবনুৱাৰ মুৰত ৰাম-টাঙোন মাৰিছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত-অধীক্ষক ডাঃ অজন্তা হাজৰিকাই ৷ ৰে’লৱে, অইলত চাকৰি দিয়াৰ নামত ডাঃ হাজৰিকাই শিক্ষিত নিবনুৱাৰ পৰা সংগ্ৰহ কৰিছিল প্ৰায় 22 লাখ টকা ৷ এই ঘটনাৰ পিচতেই বিগত বৰ্ষৰ 7 ডিচেম্বৰত গাভৰুপথাৰ আৰক্ষী চকীত ডাঃ অজন্তা হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল অমল নাথ নামৰ এগৰাকী ব্যক্তিয়ে ৷

পৰৱৰ্তী সময়ত চিকিৎসক গৰাকীৰ বিৰুদ্ধে বিগত বৰ্ষৰ ৬ ডিচেম্বৰত ডিব্ৰুগড় সদৰ থানাত ৰুজু কৰা হৈছিল গোচৰ ৷

বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকা

গোচৰ ৰুজু হোৱাৰ পৰৱৰ্তী সময়ত পলাই আছিল চিকিৎসক ডাঃ অজন্তা হাজৰিকা ৷ গোচৰ সন্দৰ্ভত বিগত 11 ডিচেম্বৰত ডিব্ৰুগড় নালিয়াপুলৰ ভদ্ৰেশ্বৰ দাস পথত থকা ডাক্তৰ অজন্তা হাজৰিকাৰ বাসগৃহত তালাচী চলাইছিল ডিব্ৰুগড়ৰ আৰক্ষীৰ এটা দলে ৷ তালাচী অভিযানৰ পিচতেই ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল ডাঃ অজন্তা হাজৰিকাৰ স্বামী সীমান্ত শইকীয়াক ৷ অৱশেষত 28 ডিচেম্বৰত প্ৰায় 21 দিন আত্মগোপন কৰি থকাৰ পিচত ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আত্মসমৰ্পন কৰিছিল ডাঃ অজন্তা হাজৰিকাই ৷

ইয়াৰ পিচতেই ডিব্ৰুগড় সদৰ থানাত 2150/20 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 120B/420/409/406/506ৰ অধীনত এক গোচৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ডাঃ অজন্তা হাজৰিকাক ৷

বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকা

অমল নাথৰ লগতে কিশোৰ দেব আৰু অজয় দত্ত নামৰ আন দুগৰাকী যুৱকৰ পৰাও টকা সংগ্ৰহ কৰিছিল ডাঃ অজন্তা হাজৰিকাই ৷ অমল নাথে জনোৱা অনুসৰি, তেওঁলোকৰ পৰা সংগ্ৰহ কৰা টকাসমূহ গুৱাহাটীৰ ৰাজীৱ পৰাশৰ নামৰ এগৰাকী ব্যক্তিৰ বেংক একাউন্টত ভৰাই দিয়া হৈছিল ৷ কিন্তু এই ৰাজীৱ পৰাশৰক বিগত বৰ্ষৰ অক্টোবৰ মাহতে অসম আৰক্ষীয়ে অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৷

ডাঃ অজন্তা হাজৰিকাৰ নিলম্বন সন্দৰ্ভত ডাঃ প্ৰশান্ত দিহিঙীয়াৰ মন্তব্য

অৱশেষত নিজৰ পদবীৰ পৰা নিলম্বিত হ’ল ঘোচখোৰ চিকিৎসক ডাঃ অজন্তা হাজৰিকা ৷ বহু বিৰ্তকিত অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক, প্লাষ্টিক চাৰ্জাৰী বিভাগৰ পঞ্জীয়ক, প্ৰস্থাপিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ উপ-অধীক্ষক ডাঃ অজন্তা হাজৰিকাক অসম চৰকাৰে তৎকালে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰিছে । অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ উল্লেখ্য যে, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্তই তিনিদিন পূৰ্বেই এই নিৰ্দেশনা জাৰি কৰিছিল ৷

লগতে পঢ়ক :ডাঃ অজন্তা হাজৰিকাৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত দাবী AMCHৰ চিকিৎসক মণ্ডলীৰ

ABOUT THE AUTHOR

...view details