ডিব্ৰুগড়, 4 ছেপ্টেম্বৰ : সু-চিকিৎসক,ডিব্ৰুগড় লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক এগৰাকী অন্যতম COVID যুঁজাৰু ডাঃ অপূৰ্ব ৰাজকোঁৱৰৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ।অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় বিশিষ্ট চিকিৎসকজনৰ । এগৰাকী সু-চিকিৎসক ৰূপে পৰিচিত ডাঃ ৰাজকোঁৱৰৰ যোৱা মঙলবাৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটিছিল ৷ প্ৰথমে ডিব্ৰুগড়ৰ সঞ্জীৱনি নাৰ্চিং হোমত চিকিৎসা কৰোৱাৰ পাছত অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল ।
উল্লেখ্য যে 80ৰ দশকতে শদিয়াত প্ৰথম চিকিৎসা সেৱাত আত্মনিয়োগ কৰা চিকিৎসকগৰাকী অসম চিকিৎসা মহাবিদ্যালয়ৰ এক গুৰুত্বপূৰ্ণ পদতো অধিষ্ঠিত আছিল । পাছত লেজাই আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষকৰ পদত নিযুক্তি লাভ কৰিছিল ডাঃ ৰাজকোঁৱৰে । বৰ্তমান ডিব্ৰুগড় চহৰৰ মিলন নগৰত স্থায়ীভাৱে থাকিবলৈ লোৱা চিকিৎসকগৰাকীৰ জন্ম হৈছিল দুলীয়াজানৰ ৰূপহী কোঁৱৰ গাঁৱত ।
ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই এএমচিএইচত মৃত্যুবৰণ কৰা ডিব্ৰুগড় জিলাৰ লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ অপূৰ্ব ৰাজকোঁৱৰৰ দুলীয়াজানৰ ভাদৈ পাঁচআলি ৰূপহী কোঁৱৰ গাঁৱত সম্পন্ন হোৱা অন্তিম সৎকাৰ অনুষ্ঠানত উপস্থিত থাকে ৷ তেওঁ ডিব্ৰুগড় জিলা প্ৰশাসনৰ হৈ প্ৰয়াত চিকিৎসকগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷