অসম

assam

ETV Bharat / city

For The People, By The People ৰ প্ৰশংসনীয় পদক্ষেপ

নাহৰকটীয়াৰ For The People, By The People নামৰ সংগঠনটোৱে লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷ সংগঠনটোৱে এমাহতকৈ অধিক দিন ধৰি কণ্টেইনমেন্ট জ'নত থকা লোক সকলক নিতৌ যোগান ধৰি আহিছে পুষ্টিকৰ আহাৰ ৷

Distribution of food for 35 days in Naharkatiya belongs to a private organization
নাহৰকটীয়াত 35 দিন ধৰি খাদ্য বিতৰণ এটা ব্যক্তিগত সংগঠনৰ

By

Published : Jun 22, 2021, 1:19 PM IST

নাহৰকটীয়া,22 জুন: কৰ'ণা মহামাৰী (COVID-19)য়ে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ ইফালে কৰ'ণা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে জাৰি কৰিছে আংশিক লকডাউন (LOCK DOWN) ৷ এই লকডাউনৰ বাবে ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন ৷ দীৰ্ঘ দিন ধৰি দোকান পোহাৰ বন্ধ হৈ থকাত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজৰ লগতে কন্টেইমেন্ট জ'নত থকা লোক সকলে ৷

কন্টেইমেন্ট জ'নত (CONTAINMENT ZONE) থকা লোক সকলক চৰকাৰ তথা বিভিন্ন দল সংগঠনে আগবঢাইছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ৷ সমান্তৰালকৈ ডিব্ৰুগড় জিলা (DIBRUGARH DISTRICT)তো কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত প্ৰতিদিনেই কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত পূৰ্বতকৈ অধিক সস্তম হৈ পৰিছে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগ ৷

নাহৰকটীয়াত 35 দিন ধৰি খাদ্য বিতৰণ এটা ব্যক্তিগত সংগঠনৰ

যিবোৰ অঞ্চলত কৰণাৰ সংক্ৰমণ বৃদ্ধি পাইছে সেই সকলো অঞ্চল কন্টেইমেন্ট জন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷ ইফালে চৰকাৰে জাৰি কৰা লকডাউনৰ বাবে অন্যান্য জিলা সমূহৰ দৰে একেই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে ডিব্ৰুগড় জিলাৰ ৰাইজ ৷

কৰ'ণাত আক্ৰান্ত হৈ যি সকল লোক কন্টেইনমেন্ট জ‘ন অথবা হোম আইছলেচন ( HOME ISOLATION)ত থাকিবলগীয়া হৈছে, সেইসকল লোকক সহায় কৰাৰ উদ্দেশ্যে নাহৰকটীয়াৰ শুভ্ৰজিৎ নন্দী নামৰ যুৱক জনৰ নেতৃত্বত "For The People, By The People" নামৰ সংগঠনটোৰ যুৱকসকলে নাহৰকটিয়াৰ ক'ভিডত আক্ৰান্ত বহু লোকক আগবঢ়াইছে পুষ্টিকৰ খাদ্য ৷

উল্লেখ্য যে, For The People, By The People নামৰ সংগঠনটোৰ সদস্য সকলে আহাৰ যোগান ধৰা কাৰ্যই ইতিমধ্যে অতিক্ৰম কৰিছে ৩৫ টাকৈ দিন। এই ৩৫ টা দিনত ২৫০ টা ক'ভিড আক্ৰান্ত পৰিয়ালক যোগান ধৰিছে আহাৰ । মাছ, মাংস, কণীৰ লগতে বিভিন্ন প্ৰটিনযুক্ত আহাৰ যোগান ধৰাৰ বিপৰীতে ক'ভিডত মৃত্যু মুখত পৰা পৰিয়ালৰ লোকসকলকো যোগান ধৰি আহিছে সম্পূৰ্ণ নিৰামিষ আহাৰ ।

নাহৰকটীয়াত ক'ভিডত আক্ৰান্ত প্ৰতিটো পৰিয়ালক দুপৰীয়া আৰু নিশাৰ আহাৰ যোগান ধৰা দলটোৰ এনে চিন্তা আৰু কৰ্মৰ বাবে সকলো ৰাইজে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে সংগঠনটোৰ সদস্য সকলক।

লগতে পঢ়ক-ETV BHARAT EXCLUSIVE : কাৰাৰুদ্ধ জীৱনৰ বৰ্ণনা দিলে নাতাশা-দেবাংগনাই

ABOUT THE AUTHOR

...view details