ডিব্ৰুগড়, 22 জুলাই : ডিব্ৰুগড় আৰক্ষীয়ে তেওঁলোকৰ তহলদাৰী ব্যৱস্থা অধিক কাৰ্যক্ষম কৰি তোলাৰ লক্ষ্যৰে এক নতুন প্ৰযুক্তিৰ সংযোজন কৰে ৷ বুধবাৰে জিলাখনৰ আৰক্ষীয়ে তহলদাৰী ব্যৱস্থাটো শক্তিশালী কৰিবলৈ Patrol Management Systemৰ শুভাৰম্ভ কৰে ৷
বুধবাৰে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে ৷