ডিব্ৰুগড়,২৪ জুন: ভয়াবহ কৃত্ৰিম বানৰ কৱলত ডিব্ৰুগড় চহৰ । চহৰখনৰ ২২টা ৱাৰ্ডৰ ভিতৰত বেছি সংখ্যক ঠাইয়ে এতিয়া জলমগ্ন ।অসম চিকিৎসা মহাবিদ্যালয়কে ধৰি চহৰখনৰ কেইবাখনো আৰক্ষী চকী,ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰ, ভালেমান চৰকাৰী কাৰ্যালয় সহ বিভিন্ন অঞ্চল পানীত বুৰ গৈছে ৷ ডিব্ৰুগড় আৰক্ষী চাউনি, খলীহামাৰী, চৌকিডিঙি, পল্টন বজাৰ, বৈৰাগীমঠ, থানা চাৰিআলি, মিলন নগৰ, খনিয়াগাঁও আদিৰ দৰে ঘন বসতিৰ বিস্তিৰ্ণ অঞ্চল এতিয়া পানীৰ তলত । লগতে এই কৃত্ৰিম বানত বুৰ গৈছে প্ৰায় সংখ্যক গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় ।
কৃত্ৰিম বানত ডুব গ‘ল ডিব্ৰুগড় চহৰ - dtp drain
ভয়াবহ কৃত্ৰিম বানৰ কৱলত ডিব্ৰুগড় চহৰ । চহৰখনৰ ২২টা ৱাৰ্ডৰ ভিতৰত বেছি সংখ্যক ঠাইয়ে এতিয়া জলমগ্ন ।অসম চিকিৎসা মহাবিদ্যালয়কে ধৰি চহৰখনৰ কেইবাখনো আৰক্ষী চকী,ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰ, ভালেমান চৰকাৰী কাৰ্যালয় সহ বিভিন্ন অঞ্চল পানীত বুৰ গৈছে । মঙ্গলবাৰৰ নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলতেই এনেদৰে কৃত্ৰিম বানত ডুবিছে চহৰখন ।
মঙ্গলবাৰে নিশাৰ এজাক বৰষুণতেই ভৰি পৰা নলা-নৰ্দমাৰ কদৰ্য পানীয়ে সম্পূৰ্ণ ৰূপে বুৰাই পেলালে ঐতিহাসিক চহৰখনৰ ঐতিহ্য ।ইতিমধ্যে পানীৰ মাজতে চৰকাৰী কাৰ্যালয়, আৰক্ষী চকীত কৰ্তব্য পালন কৰিব লগা হৈছে কৰ্মচাৰী সকলে ।ইফালে এই কৃত্ৰিম বানত জলবন্দী হৈছে শ শ পৰিয়াল ।
মঙ্গলবাৰৰ নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলতেই এনেদৰে কৃত্ৰিম বানত ডুবিছে চহৰখন ।ডিব্ৰুগড়ৰ মুখ্য নলা (DTP Drain)ৰ লগত সংযোগী আন আন নলা সমূহৰ নিৰ্মাণৰ কাম সময়ত সম্পূৰ্ণ নোহোৱাৰ বাবেই চহৰখন কৃত্ৰিম বানৰ এই ভয়াবহ ৰূপ দেখিবলৈ পোৱা গৈছে । বানৰ কৱলত পৰা সাধাৰণ ৰাইজে চৰকাৰৰ বিৰুদ্ধেও উজাৰিলে ক্ষোভ । উল্লেখ যে বিগত বহু বছৰ ধৰি ডিব্ৰুগড় বাসীয়ে কৃত্ৰিম বানৰ এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰশাসনক দাবী জনাই আহিছে ।