অসম

assam

ETV Bharat / city

মহামাৰীৰ সময়ত এড়ী-পলু পালনেৰে স্বাৱলম্বী ডিব্ৰুগড়ৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলা - কৰ’ণা মহামাৰী

মহামাৰীৰ বাবে জীৱন-জীৱিকাক লৈ অনিশ্চয়তাৰ মাজত এচাম লোকে দুৰ্বিষহ জীৱন কটাবলগীয়া হোৱাৰ সময়তে ডিব্ৰুগড়ৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলাই দেখুৱাইছে উপাৰ্জনৰ পথ ৷ মহামাৰীৰ সময়ত এড়ী-পলু পালন কৰিয়েই বছৰত দুই লাখৰ পৰা আঢ়ৈ লাখ টকা উপাৰ্জন কৰিছে মহিলাগৰাকীয়ে ৷

Dibrugarh 62 years old women story
মহামাৰীৰ সময়ত এৰি-পলু পালনেৰে স্বাৱলম্বী ডিব্ৰুগড়ৰ এগৰাকী বয়োজ্যেষ্ট মহিলা

By

Published : Sep 30, 2021, 4:21 PM IST

মৰাণ, 30 ছেপ্টেম্বৰ :অসমৰ এড়ী-মুগা পৃথিৱী বিখ্যাত ৷ কেৱল অসমতহে পোৱা যায় এড়ী-মুগা । বৈজ্ঞানিক দৃষ্টিভংগী অনুসৰি অসমৰ বাতাবৰণ মুগা পলুৰ বাবে অনুকূল । কিন্তু এতিয়া অসমৰ সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ লৈছে এড়ী-মুগা । এনে সময়তে অসমৰ পৰা হেৰাই যাব ধৰা এড়ী পলু পোহপালনেৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড় লাহোৱালৰ ষাঠি উৰ্ধৰ এগৰাকী মহিলাই ।

মহামাৰীৰ সময়ত এড়ী-পলু পালনেৰে স্বাৱলম্বী ডিব্ৰুগড়ৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলা

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৰংপুৰীয়া চেংলীজান গাঁৱৰ নিবাসী বিনু গোঁহায়ে এইবাৰ লকডাউনৰ সময়তে পঞ্চাশ হাজাৰ এড়ী-পলু পালনেৰে নিজৰ আৰ্থিক অৱস্থা যথেষ্ট স্বচ্ছল কৰি তুলিবলৈ সক্ষম হৈছে । চলিত বছৰটোত মহিলাগৰাকীয়ে এড়ী পলু পালনেৰে উপাৰ্জন কৰিছে প্ৰায় দুই লাখৰ পৰা আঢ়ৈ লাখ টকা । যিটো অঞ্চলটোৰ মহিলাসকলৰ বাবে এক আদৰ্শ বুলি মত প্ৰকাশ কৰিছে অঞ্চলটোৰ নাগৰিকে । তদুপৰি সম্প্ৰতি বিনু গোঁহাই নতুন প্ৰজন্মৰ বাবেও এক আদৰ্শ হৈ পৰিছে ।

বিনু গোঁহাইৰ এই কৰ্মত আকৃষ্ট হৈ কলিকতাত টেলিকম ছেক্টৰত কাম কৰি থকা ৰক্তিম ৰঞ্জন নামৰ এজন যুৱকে নিজৰ কাম এৰি মহিলাৰগৰাকী ব্যৱসায়ৰ সৈতে চামিল হৈছে । এইগৰাকী মহিলাই এড়ী-পলুৰ লগতে কাঠফুলা খেতিৰ জৰিয়তেও নিজৰ আৰ্থিক অৱস্থা অধিক সুদৃঢ় কৰি তুলিছে ।

ইয়াৰ উপৰি বিগত দুবছৰ লকডাউনৰ বাবে একাংশ লোকে জীৱন-জীৱিকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা সময়তে এইগৰাকী মহিলাই নিজা একক প্ৰচেষ্টাৰে আৰম্ভ কৰিছে ব্যৱসায় ৷ অৱশ্যে বীণা গোঁহায়ে এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা লাভ কৰা নাই কোনোধৰণৰ আৰ্থিক সাহাৰ্য । যাৰবাবে বীণা গোঁহায়েৰ এই ব্যৱসায় পৰিসৰ বৃদ্ধি কৰাত থমকি ৰ'বলগা হৈছে ।

লগতে পঢ়ক :ছাত্ৰীক অশ্লীল মেছেজ দিয়াৰ অভিযোগত নিলম্বিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক

ABOUT THE AUTHOR

...view details