অসম

assam

ETV Bharat / city

ডিব্ৰুগড়ৰৰ ক'ভিড স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰিলে জিলা উপায়ুক্তই - পল্লৱ গোপাল ঝা

লেঙেৰী আদৰ্শ চিকিৎসালয়ত নিৰ্মাণ হৈ থকা ৭০ খন বিচনাযুক্ত ক'ভিড স্বাস্থ্য কেন্দ্ৰটো মঙলবাৰে পৰিদৰ্শন কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷ শুকুৰবাৰৰ ভিতৰত ক'ভিড স্বাস্থ্য কেন্দ্ৰটো কাৰ্যক্ষম কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে উপায়ুক্ত গৰাকীয়ে ।

Deputy commissioner  visited covid care center in Dibrugarh
ডিব্ৰুগড়ৰৰ ক'ভিড স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰিলে জিলা উপায়ুক্তই

By

Published : Apr 27, 2021, 9:40 PM IST

মৰাণ, 27 এপ্ৰিল: সমগ্ৰ ৰাজ্যতেই এতিয়া ক'ভিড ১৯ৰ ভয়াৱহ সংক্ৰমণ ৷ দিনক দিনে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ এই মহামাৰী প্ৰতিৰোধ কৰিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে স্বাস্থ্য বিভাগৰ লগতে প্ৰশাসনৰ লোক ৷

সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো ভয়ংকৰ হৈ পৰিছে ক'ভিডৰ পৰিস্থিতি ৷ এই ৰোগ প্ৰতিৰোধ কৰিবলৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন চিকিৎসালয়ত স্থাপন কৰিছে ক'ভিড স্বাস্থ্য কেন্দ্ৰ ৷ যিসকল লোক কৰ'ণাত আক্ৰান্ত হৈছে, তেওঁলোকক ক'ভিড স্বাস্থ্য কেন্দ্ৰ সমূহত চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে ।

ডিব্ৰুগড়ৰৰ ক'ভিড স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰিলে জিলা উপায়ুক্তই

এই ক্ষেত্ৰত অনাগত দিনত সম্ভাব্য পৰিস্থিতিৰ মোকাবিলা কৰাৰ লগতে ক'ভিড আক্ৰান্ত ৰোগীসকলক যাতে সুচাৰুৰূপে চিকিৎসা প্ৰদান কৰিব পাৰে, সেই উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই মঙলবাৰে জিলাখনৰ সামগ্ৰীক ক'ভিড পৰিস্থিতিৰ বুজ লয় ৷ লগতে ডিব্ৰুগড় লেঙেৰী আদৰ্শ চিকিৎসালয়ত অক্সিজেন তথা অন্যান্য চিকিৎসা সেৱাৰ সা-সুবিধাৰে সংযোজিত নিৰ্মাণ হৈ থকা ৭০ খন বিচনাযুক্ত ক'ভিড স্বাস্থ্য কেন্দ্ৰটোও আজি পৰিদৰ্শন কৰে । উপায়ুক্ত গৰাকীয়ে চিকিৎসাকৰ্মী সকলৰ লগত মত বিনিময় কৰাৰ লগতে চিকিৎসালয় খনত চলি থকা ক'ভিড স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্যও পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক-ধুমুহাই তচনচ কৰিলে নাৰায়ণপুৰৰ বহু লোকৰ বাসগৃহ

ABOUT THE AUTHOR

...view details