অসম

assam

ETV Bharat / city

ক'ভিডৰ মাজতে বিদ্যালয় পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ

ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে বিদ্যালয় পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে ডিব্ৰুগড় জিলা উপায়ুক্ত(Deputy commissioner) পল্লৱ গোপাল ঝাই ৷ বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে এক আলোচনাত মিলিত হয় উপায়ুক্ত গৰাকীয়ে ৷

By

Published : Jun 30, 2021, 6:09 PM IST

Deputy commissioner of Dibrugarh visited schools
ক'ভিডৰ মাজতে বিদ্যালয় পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ

মৰাণ, 30 জুন : সমগ্ৰ ৰাজ্যতে এতিয়াও কৰণাৰ আতংক অব্যাহত আছে ৷ অন্যান্য জিলাৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ পূৰ্বৰ তুলনাত কিছু পৰিমাণে ক'ভিড পৰিস্থিতি হ্ৰাস পাইছে যদিও এতিয়াও সংক্ৰমণ হৈয়ে আছে কৰ'ণা ভাইৰাছ । এই কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে লক ডাউন তথা কোনো কোনো জিলাত এতিয়া 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে ৷

ইফালে কৰ'ণাৰ দ্বিতীয়টো ঢৌ অহাৰ লগে লগে ৰাজ্যত আংশিক লক ডাউন (Lock Down) ঘোষণা কৰে চৰকাৰে ৷ ফলত সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিদ্যালয়সমূহ বন্ধ হৈ আছে ৷ ডিব্ৰুগড় জিলাখনটো একেই পৰিৱেশে বিৰাজ কৰিছে ৷

ক'ভিডৰ মাজতে বিদ্যালয় পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ

এতিয়াও বিভিন্ন প্ৰান্তত ক'ভিড ৰোগী চিনাক্ত হৈয়ে আছে । শেহতীয়াকৈ জিলা খনত বহুকেইজন শিশু ক'ভিডত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে জিলাখনত বন্ধ হৈ থকা বিদ্যালয়সমূহৰ পৰিস্থিতি বুজ লৈছে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

আংশিক লক ডাউনৰ ফলত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা বিদ্যালয়সমূহৰ পৰিৱেশ অনুপযোগী হৈ পৰাৰ লগতে বহু বিদ্যালয় পুনৰ মেৰামতিৰ কাম কৰি থকা হৈছে । উক্ত বিষয়টোৰ সন্দৰ্ভত মঙলবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই বিন্ধাকটা উচ্চ মাধ্যমিক স্কুলৰ পৰিদৰ্শন কৰে ৷ লগতে নিৰ্মীয়মান বিদ্যালয়ৰ মেৰামতিৰ কাৰ্যৰ খতিয়ান লয় ।

তাৰোপৰি বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে এক আলোচনাত মিলিত হয় উপায়ুক্ত গৰাকী ৷ অনলাইন পাঠৰ জৰিয়তে বিদ্যাৰ্থীসকলক কিদৰে শিক্ষা প্ৰদান কৰিবলৈ কাৰ্য ব্যৱস্থা হাতত লোৱা হৈছে তাৰো বুজ লয় উপায়ুক্তই । বিদ্যালয় পৰিদৰ্শনৰ সময়চোৱাত চাবুৱা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শিল্পীশিখা ঠাকুৰীয়া, ডিব্ৰুগড় জিলাৰ স্কুল পৰিদৰ্শক দীপিকা চৌধুৰী আৰু চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই উপায়ুক্ত মহোদয়ক সংগ দিয়ে ।

লগতে পঢ়ক- দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব: ঘনশ্যাম দাস

ABOUT THE AUTHOR

...view details