অসম

assam

ETV Bharat / city

কৃষক উৎপাদক সংগঠনৰ সৈতে বৈঠক ডিব্ৰুগড়ৰ উপায়ুক্তৰ - commissioner of dibrugarh

শুকুৰবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই (Pallab Gopal Jha) টিংখাঙৰ ক্ষুদ্ৰ চাহ উৎপাদক আৰু খোৱাংস্থিত ৰঙালাউ বজাৰ "কৃষক উৎপাদক সংগঠন" (FPO)ৰ বিষয়ববীয়াৰ লগত তেওঁলোকৰ সমস্যাসমূহ বুজ লোৱাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয় ৷ কৃষকৰ উৎপাদিত সামগ্ৰী পথাৰতে নষ্ট হোৱাৰ সমস্যা সমাধানৰ বাবে বৈঠকত মিলিত হয় পল্লৱ গোপাল ঝা ৷

বৈঠকত বহিল ডিব্ৰুগড়ৰ উপায়ুক্ত
বৈঠকত বহিল ডিব্ৰুগড়ৰ উপায়ুক্ত

By

Published : Jul 10, 2021, 12:15 PM IST

মৰাণ, 10 জুলাই :লকডাউনে জুৰুলা কৰিছে সমগ্ৰ ৰাজ্য ৷ বিশেষকৈ কৃষিজীৱি লোকসকলৰ জীৱনলৈ নামি আহিছে অমানিশা ৷ কৃষকৰ সমস্যাক লৈ "কৃষক উৎপাদক সংগঠন" (FPO)ৰ সৈতে আলোচনাত বহিল ডিব্ৰুগড়ৰ উপায়ুক্ত ৷ দুটা বছৰ ক'ভিড ভয়াৱহতাৰ লগতে লকডাউনে কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ অৱস্থা দুখজনক কৰি তুলিছে।

বৈঠকত বহিল ডিব্ৰুগড়ৰ উপায়ুক্ত

বহু কৃষকৰ উৎপাদিত সামগ্ৰী পথাৰতে নষ্ট হোৱাৰ লগতে বহু ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ ব্যৱসায় ভালদৰে নচলাত পৰিয়াল চলোৱাত সমস্যাৰ সৃষ্টি হৈছে। সেয়ে শুকুৰবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই (Pallab Gopal Jha) টিংখাঙৰ ক্ষুদ্ৰ চাহ উৎপাদক আৰু খোৱাংস্থিত ৰঙালাউ বজাৰ "কৃষক উৎপাদক সংগঠন"(FPO)ৰ বিষয়ববীয়াৰ লগত তেওঁলোকৰ সমস্যাসমূহ বুজ লোৱাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয় ৷ লগতে তেওঁলোকক কৃষি বিজ্ঞান কেন্দ্ৰ (KVK) আৰু নাবাৰ্ড (NABARD) ৰ সহযোগত কিছু পৰামৰ্শ তথা পথ-নিৰ্দেশনা প্ৰদান কৰে ।

বৈঠকত বহিল ডিব্ৰুগড়ৰ উপায়ুক্ত

উক্ত বৈঠকত প্ৰধানকৈ এক শক্তিশালী বিতৰণ ব্যৱস্থা, বজাৰ সংযোগীকৰণৰ লগতে সংৰক্ষণৰ আন্তঃগাঁঠনি ইত্যাদি সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয় । উক্ত বৈঠকত টিংখাং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তভ কলিতা, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সংগীতা শৰ্মা, সহকাৰী আয়ুক্ত হেমা নায়ক, আৰু খোৱাং উন্নয়ন খণ্ডৰ খণ্ড বিষয়া বনজ্যোতি গগৈয়ো উপস্থিত থাকে।

বৈঠকত বহিল ডিব্ৰুগড়ৰ উপায়ুক্ত

কৰ’ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা আংশিক লকডাউনে অন্যক্ষেত্ৰৰ লেখিয়াকৈ কৃষিক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ দৰিদ্ৰ কৃষকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ কিয়নো দোকান-পোহাৰ, বজাৰ বন্ধ হৈ পৰাৰ ফলত বাৰীতে নষ্ট হৈছে উৎপাদিত সামগ্ৰীসমূহ ৷ ইফালে, গ্ৰাম্য অৰ্থনীতিক ত্বৰান্বিত কৰিব পৰাকৈ এচাম যুৱকে কৃষি ঋণ আদি লৈ কৃষিকৰ্মত মনোনিৱেশ কৰিছিল যদিও আংশিক লকডাউনৰ বাবে এতিয়া উৎপাদনস্থলতে নষ্ট হ’বলৈ ধৰিছে কৃষিজাত সামগ্ৰী ।

বৈঠকত বহিল ডিব্ৰুগড়ৰ উপায়ুক্ত

প্ৰায় 7 বিঘা মাটিত ব্যৱসায় ভিত্তিত নেমুটেঙা, ভোটজলকীয়াৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে কেইবাজনো যুৱকক সংস্থাপন দিবলৈ সক্ষম হোৱা টীয়কৰ ভোমোৰা মিচিং গাঁৱৰ মুনীল টাই নামৰ কৃষকৰ বাৰীত নেমু টেঙা নষ্ট হোৱাৰ উপক্ৰম হৈছে । এনেধৰণৰ সমস্যাবোৰে বহু কৃষকৰ উৎপাদিত সামগ্ৰী পথাৰতে নষ্ট হোৱাৰ লগতে বহু ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ ব্যৱসায় ভালদৰে নচলাত পৰিয়ালমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই বিষয়টোক লৈ এক বিশেষ বৈঠকত মিলিত হয় ডিব্ৰুগড়ৰ উপায়ুক্ত ৷

লগতে পঢ়ক:কৃষকলৈ দুৰাৱস্থা মাতিছে ক’ভিডৰ নতুন নিৰ্দেশনাই

ABOUT THE AUTHOR

...view details