ডিব্ৰুগড় , 4 ডিচেম্বৰ :আগন্তুক বৰ্ষৰ 4,5,6 ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ৰাঙলী পথাৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশন(91st Annual Session of Srimanta Sankardeva Sangha to be held) । ইতিমধ্যে এই অধিৱেশনৰ পৱিত্ৰ লাইখুঁটা স্থাপন কৰি প্ৰস্তুতি আৰম্ভ কৰিছে উদ্যোক্তা সকলে ।
শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক অধিৱেশনৰ কাৰ্য্যকৰী সভাপতি হিচাপে দায়িত্বত থকা ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে এই অধিৱেশন স্থলীত উপস্থিত হৈ প্ৰস্তুতি সম্পৰ্কে বুজ লয়(DC visit and observe the preparations of Srimanta Sankardev Sangha conference)। লগতে উপায়ুক্ত গৰাকীয়ে অধিৱেশনখনৰ বাবে চৰকাৰী বিভাগৰ সহযোগিতা সম্পৰ্কে বিভাগীয় বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে ।