নাহৰকটীয়া, 2 জুলাইঃ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ বিপৰীত স্থিতিত আজি নৰেন্দ্ৰ মোডীৰ চৰকাৰ ৷ সমগ্ৰ ৰাজ্যৰ লগতে নাহৰকটীয়াটো পেট্ৰ'লজাত সামগ্ৰী, ৰন্ধন গেছ সহ সৰ্বপ্ৰকাৰ খাদ্য আৰু ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য আকাংশলংঘী ৷ সৰ্বসাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ আওতাৰ ভিতৰলৈ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত বুধবাৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ডিব্ৰুগড় জিলা সমিতিয়ে আনলক্ ৰ নীতি নিৰ্দেশনা মানি সাব্যস্ত কৰে এক তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ কাৰ্যসূচী ।
এই প্ৰতিবাদত প্ৰায় ২০ জন দলীয় কৰ্মী উপস্থিত থাকি ইনক্লাব জিন্দাবাদ,পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক, পেট্ৰ'ল, ডিজেলৰ মূল্য ক্ৰয় ক্ষমতাৰ আওতালৈ হ্ৰাস কৰক, ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰক, খাদ্য সামগ্ৰীকে ধৰি প্ৰতিবিধ ব্যৱহাৰ্য বস্তুৰ মূল্য বৃদ্ধি ৰোধ কৰক, পৰিবহন ব্যয় আৰু যাত্ৰী ভাড়া বৃদ্ধি হ্ৰাস কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তুলে নাহৰকটীয়াৰ পৰিৱেশ ।
এই আন্দোলনত নেতৃত্ব প্ৰদান কৰি চি পি আই (এম) ৰ ডিব্ৰুগড় জিলাৰ সম্পাদক সুৰেশ চন্দ্ৰ ডেকাই নিজৰ বক্তব্যত উল্লেখ কৰে যে,আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) য়ে গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছো নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি দলৰ শাসন প্ৰৱৰ্তনৰ সময়ৰ পৰা পেট্ৰ'লজাত সামগ্ৰী যেনে-পেট্ৰ'ল,ডিজেল, কেৰাচিন তেল সহ ৰন্ধন গেছৰ দাম প্ৰায় প্ৰতি দিন আৰু প্ৰতিমাহে সাংঘাটিক ধৰেণেৰে বৃদ্ধি পাইছে ।
তেওঁ লগতে কয় যে, ‘‘এতিয়া নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ বিপৰীত স্থিতিত বৰ্তমান নৰেন্দ্ৰ মোডীৰ চৰকাৰ’’। ফলত মানুহৰ ব্যৱহাৰ্য আত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ সামগ্ৰীৰ অস্বাভাৱিক গতিত মূল্য বৃদ্ধি হৈছে আৰু সৰ্বসাধাৰণ মানুহৰ জীৱন ধাৰণ কৰাটোৱে সমস্যা হৈ পৰিছে বুলি চি পি আই (এম) ডিব্ৰুগড় জিলাৰ সম্পাদক জনে উল্লেখ কৰে ।