মৰাণ, 19 আগষ্ট :ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে শিক্ষিত নিবনুৱাৰ সংখ্যা ৷ অধিকাংশ শিক্ষিত যুৱক-যুৱতীৰ আশা মাথোন এটা চৰকাৰী চাকৰি ৷ প্ৰায় সংখ্যক উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ বাদে অন্য দিশত নিয়োজিত হৈ স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত বিশেষ ইচ্ছা বা আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত নহয় ৷ কিন্তু এনে সময়ত মৰাণৰ বতামৰাৰ এজন উচ্চ শিক্ষিত যুৱকে গো-পালন কৰি গাখীৰ উৎপাদনেৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন ।
মৰাণৰ জয়ন্ত বৰুৱা নামৰ শিক্ষিত যুৱকজনে চৰকাৰী চাকৰিলৈ বাট নাচাই গৰু উৎপাদনেৰে বাচি লৈছে স্বাৱলম্বিতাৰ পথ ৷ বৰ্তমান অঞ্চলটোৰ সকলোৰে আদৰ্শস্বৰূপ হৈ পৰিছে জয়ন্ত ৷ শিক্ষিত যুৱকজনে তিনিবছৰ পূৰ্বে আৰম্ভ কৰিছিল এখন গৰু ফাৰ্ম ৷ প্ৰথমাৱস্থাত কম সংখ্যক গৰু আনি আৰম্ভ কৰা ফাৰ্মখনত বৰ্তমান আছে ২০ জনীকৈ গাইগৰু ৷ য’ৰ পৰা উৎপাদন হয় দৈনিক ৮০-১০০ লিটাৰ গাখীৰ ।