মৰাণ, 15 জুন :দুৰ্নীতি তথা অনিয়মৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়নী প্ৰদান কৰিছিল যে, দৰিদ্ৰৰ নামত আৱণ্টিত চৰকাৰী আৱাসগৃহ নিৰ্মাণৰ নামত কোনো লোকে যাতে উৎকোচ ল’ব নোৱাৰিব (Corruption in PMAY scheme at Lahowal) ৷
যদিহে লয় তেন্তে সেই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এই হুংকাৰৰ পাচতো গা লৰা নাই ৰাজ্যৰ একাংশ দুৰ্নীতিগ্ৰস্ত লোকৰ । এইবাৰ দুৰ্নীতি তথা অনিয়মৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে লাহোৱালৰ ফুকনখাত গাঁও পঞ্চায়তত ৷
অভিযোগ অনুসৰি, লাহোৱালৰ ফুকনখাত গাঁও পঞ্চায়তত চৰকাৰী আৱাসগৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ অঞ্চলটোৰ ৰাইজে উল্লেখ কৰা অনুসৰি, ফুকনখাত গাঁও পঞ্চায়তৰ অধীনত অঞ্চলটোৰ কেইবাটাও পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (Pradhan Mantri Awas Yojna) নামত আৱাসগৃহ নিৰ্মাণ কৰাৰ বাবে আবন্টিত হৈছিল 1 লাখ 30 হাজাৰ টকা ৷
লগতে পঢ়ক :ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰদান কৰা হ'ব PMAY আঁচনিৰ ধন: ৰঞ্জিত দাস