মৰাণ, 4 ডিচেম্বৰ : বিটিএডিত এআইইউডিএফৰ সৈতে কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । 2 ডিচেম্বৰত মৰাণৰ ধেমেচীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা অসম দিৱসত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছ আৰু এআইইউডিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । এই বিলাক কথা তাহানিৰ পৰাই চলি আছিল । এতিয়া কিন্তু ৰাইজৰ আগত স্পষ্ট ৰূপত ধৰা দিছে ।"
কংগ্ৰেছ আৰু এআইইউডিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি : মুখ্যমন্ত্ৰী সোণোৱাল - কংগ্ৰেছ আৰু এআইইউডিএফে ফাঁকি দিয়া বুলি মন্তব্য সোণোৱালৰ
কংগ্ৰেছ আৰু এআইইউডিএফক সমালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ ধেমেচীত আয়োজিত অসম দিৱসত উপস্থিত হৈ দুয়ো দলে ফাঁকি দি অহা বুলি মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ ৷
বুধবাৰে একেখন হেলিকপ্টাৰত উঠি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰকিবুল হুছেইন, এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল আৰু সাধাৰণ সম্পাদক আমিনুল ইছলামে বিটিএডিত চলোৱা নিৰ্বাচনী প্ৰচাৰকলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ লগতে কয় যে, অসমৰ ৰাইজক এতিয়া দুয়ো দলে ফাঁকি দিব নোৱাৰে । তেওঁলোকৰ প্ৰকৃত প্ৰতিচ্ছবিখন পোহৰলৈ আহিছে । ৰাইজে এতিয়া সকলো বুজি উঠিছে বুলি মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে ৷
লগতে পঢ়ক :প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিপিএফ প্ৰতিদ্বন্দিতাত নাই : হিমন্ত বিশ্ব শৰ্মা